অভিনেতা দিলীপ কুমাৰ অসুস্থ, হিন্দুজা হাস্পতালৰ ICUত ভৰ্তি অভিনেতাগৰাকীক

বলীউদৰ যশস্বী অভিনেতা দিলীপ কুমাৰ (Dilip Kumar) অসুস্থ। মিডিয়া ৰিপ’ৰ্ট অনুসৰি, অভিনেতাগৰাকীক মুম্বাইৰ হিন্দুজা হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে। শ্বাস–প্ৰশ্বাসত কষ্ট পোৱাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে অভিনেতাগৰাকীক। মঙলবাৰে দিনত উশাহ–নিশাহত কষ্ট অনুভৱ কৰাৰ পিছত পৰিয়ালৰলোকে হাস্পতালত ভৰ্তি কৰোৱায়।

উল্লেখযোগ্য যে ১০ দিন পূৰ্বে তেওঁক হাস্পতালৰ পৰা মুকলি কৰি দিয়া হৈছিল। ৯৮ বছৰীয়া দিলীপ কুমাৰক উশাহ লোৱাত কষ্ট পোৱাৰ ফলত ৬ জুনত মুম্বাইৰ হিন্দুজা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

দিলীপ কুমাৰ হাস্পতালত ভৰ্তি হোৱাৰ পিছতে অনুৰাগীসকলে তেওঁৰ সুস্বাস্থ্য কামনা কৰি প্ৰাৰ্থনা কৰিছে। অৱশ্যে এই সন্দৰ্ভত দিলীপ কুমাৰৰ পৰিয়াল বা চিকিৎসকে কোনো ধৰণৰ মন্তব্য কৰা নাই।

Related Articles