হৃদৰোগত আক্ৰান্ত বলীউডৰ অভিনেত্ৰী সুস্মিতা সেন…

সুস্মিতা সেন হাৰ্ট এটেকত আক্ৰান্ত আৰু কিছুদিন আগতে এঞ্জিওপ্লাষ্টি কৰিছিল। ছ’চিয়েল মিডিয়াত লিখিছিল এটা শক্তিশালী টোকা। তেওঁ অনুৰাগীক জনাইছে বৰ্তমান তেওঁ ঠিকেই আছে। বৃহস্পতিবাৰে অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত অনুৰাগীসকলক জনাইছিল যে দুদিনমান আগতে তেওঁৰ হাৰ্ট এটেক হৈছিল। এঞ্জিওপ্লাষ্টিও কৰিব লগা হৈছিল, অৱশ্যে এতিয়া ঠিকেই আছে।সুস্মিতা সেন ফিটনেছ অনুৰাগীৰ বাবে প্ৰেৰণা।

৪৭ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে পিতৃ সুবিৰ সেনৰ সৈতে এখন ছবি পোষ্ট কৰি লিখিছে, ‘Keep your heart happy & courageous, and it’ll stand by you when you need it the most Shona”।

‘তেওঁলোকৰ সময়োপযোগী সাহায্য আৰু গঠনমূলক কাৰ্য্যৰ বাবে ধন্যবাদ দিবলগীয়া বহুতে…আন এটা পোষ্টত তেনেকুৱা কৰিব!’

শীঘ্ৰেই দেখা যাব আৰিয়া ছিজন ৩ত সুস্মিতা সেনক।

Related Articles