Breaking

বেজেৰাত ‘আচমা’ৰ গ্ৰন্থ উন্মোচনী সভা আৰু সম্বৰ্ধনা অনুষ্ঠান ৷ একেটা পৰিয়ালৰ ৫ খনকৈ গ্ৰন্থ উন্মোচন…

0 13

কামৰূপ জিলাৰ বেজেৰাস্থিত বৰবংশৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আলহাজ চৈয়দ মণিৰুদ্দিন আহমেদ(আচমা) শৈক্ষিক ন্যাসৰ উদ্যোগত এখনি গ্ৰন্থ উন্মোচনী আৰু সম্বৰ্ধনা সভা দেওবাৰে অনুষ্ঠিত হৈ যায় ৷ সভাত প্ৰয়াত আলহাজ চৈয়দ মনিৰুদ্দিন আহমেদৰ পৰিয়ালৰ তৰফৰপৰা ৫ খনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ৷ জিকিৰ শিল্পী মজিবৰ ৰহমানৰ জিকিৰেৰে আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাখনত উন্মোচক হিচাবে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰী অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতী। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা দৈনিক অসম কাকতৰ সম্পাদক ড° হিতেশ ডেকা ৷ চামতাৰ কামৰূপ কলেজৰ অৱসৰী সহযোগী অধ্যাপক তথা আচমা পৰিয়ালৰ জ্যেষ্ঠ সদস্য চৈয়দ মতিউৰ ৰহমানে সঞ্চালনা কৰা দেওবাৰৰ অনুষ্ঠানত আদৰণী ভাষণ ৰাখে আচমা শৈক্ষিক ন্যাসৰ সঞ্চালক ড° চৈয়দ কুতুবুদ্দিন আহমেদে। অৱসৰী অধ্যাপক তথা কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° নৃপেন্দ্ৰ নাথ তালুকদাৰে এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ৷


গ্ৰন্থ উন্মোচনী আৰু সম্বৰ্ধনা সভাখনত আচমা পৰিয়ালৰ তৰফৰপৰা আলহাজ চৈয়দ মণিৰুদ্দিন আহমেদৰ নিৰ্বাচিত লেখাৰ সংকলন “মুকুতাৰ মণি’’,চৈয়দ আচকৰ হুছেইনৰ “কাজী গাঁৱৰ ইতিবৃত্ত’’,ড০ চৈয়দা জাহানাৰা বেগমৰ “জীৱনৰ সুবাস’’, চৈয়দ আৰিফ হুছেইনৰ “কলম’’ আৰু চৈয়দ ৰবিউল হুছেইনৰ পূৰ্ণাংগ নাটক “সংঘাত” উন্মোচন কৰা হয়। এই অনুষ্ঠানত সদ্যঘোষিত অসামৰিক সেৱাত ১২তম স্থান প্ৰাপ্ত বাইহাটা চাৰিআলিৰ দেৱশ্ৰী ভাৰ্গৱক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দেৱশ্ৰী ভাৰ্গৱৰ হৈ সম্বৰ্ধনা গ্ৰহণ কৰে তেওঁৰ পিতৃ-মাতৃয়ে ৷ অঞ্চলটোৰ কেইবাগৰাকীও শিক্ষাবিদকে ধৰি ভালেসংখ্যক গুণী-জ্ঞানী ব্যক্তিয়ে অংশগ্ৰহণ কৰা গ্ৰন্থ উন্মোচনী আৰু সম্বৰ্ধনা সভাখন চৈয়দ ৰবিউল হুছেইনে আগবঢ়োৱা শলাগৰ শৰাইৰে সন্ধিয়া সফলভাৱে সামৰণি পৰে ।

Leave A Reply