ওদালগুৰি জিলাৰ ৰৌতা জাতীয় বিদ্যালয়ত গ্ৰন্থ উন্মোচনী সভা

ওদালগুৰি জিলাৰ ৰৌতাৰ জাতীয় বিদ্যালয়ত অহা ৭ নবেম্বৰত সামাজিক আৰু ছপা মাধ্যমৰ এগৰাকী বিশিষ্ট লেখক-শিক্ষক খজেন ডেকাৰ “জীৱনৰ ধূসৰিত পৃষ্ঠাবোৰ”শীৰ্ষক তৃতীয়খন গ্ৰন্থ উন্মোচন কৰিব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰিসংখ্যা বিষয়া নগেন্দ্ৰ মোহন ভট্টাচাৰ্য্যই।গুৱাহাটীৰ ভাষা প্ৰকাশনৰ দ্বাৰা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থ খনি দিনৰ ১১বজাত অনুষ্ঠিত্যব গ্ৰন্থ উন্মোচনী সভাত ওদালগুৰি জিলা সাহিত্য সভাৰ সভপতি হৰেশ্বৰ কলিতা আৰু সম্পাদক ড° পবিত্ৰ শৰ্মাৰ লগতে কেইবাগৰাকীও লেখক-বন্ধু উপস্থিত থাকিব। উল্লেখযোগ্য যে, লেখক খজেন ডেকাৰ ইতিমধ্যে প্ৰকাশিত আনদুখন গ্ৰন্থ হৈছে উপন্যাস সেউজীয়া সপোনৰ ৰং আৰু প্ৰৱন্ধ সংকলন জীৱন উপন্যাসৰ পমখেদি। গ্ৰন্থ উন্মোচনী সভাৰ আহ্বায়কদ্বয় ক্ৰমে অপূৰ্ব ডেকা আৰু দীপজ্যোতি নাথে নিমন্ত্ৰণ কৰা গ্ৰন্থ প্ৰেমী সকলক উপস্থিত থাকি অনুষ্ঠানটো সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে।

Related Articles