অসমত বিশ্বমানৰ সংগীত কনচাৰ্টৰ নতুন যুগৰ আৰম্ভণি – অসম চৰকাৰ আৰু Book My Showৰ ঐতিহাসিক চুক্তি


অসমবাসীৰ বাবে এক নতুন সাংস্কৃতিক অধ্যায় আৰম্ভ হোৱাৰ সুখবৰ। আজি গুৱাহাটী মহানগৰীত অসম পৰ্যটন উন্নয়ন নিগম (ATDC) আৰু দেশৰ অগ্ৰণী বিনোদন সংস্থা Book My Show (Big Tree Entertainment Pvt. Ltd.)ৰ মাজত এক গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰৰ অনুষ্ঠান অনুষ্ঠিত হয়।

এই চুক্তিৰ জৰিয়তে অসমত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সংগীত কনচাৰ্ট আয়োজন হ’ব, য’ত প’প, ৰক, ইডিএম আৰু হিপ-হ’প ধাৰাৰ বিশ্বখ্যাত শিল্পীসকলৰ উপস্থিতিৰ সম্ভাৱনা থাকিব। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে—“মন্ত্ৰী-বিধায়কেও ফ্ৰী পাছ নাপাব, সকলোৱে টিকট কিনিব লাগিব”, যাৰ জৰিয়তে এই অনুষ্ঠানৰ স্বচ্ছতা আৰু সংগঠনৰ নৈতিকতা দৃঢ় কৰে।

মুখ্যমন্ত্ৰীয়ে ভাষণত কৈছে যে,

এই চুক্তি কেৱল বুজাবুজিৰ আৰম্ভণি নহয়, বরঞ্চ অসমৰ সাংস্কৃতিক আৰু পর্যটন ক্ষেত্ৰখনক বিশ্বপটভূমিত প্ৰতিষ্ঠাৰ দিশে এক দৃঢ় পদক্ষেপ।

তেওঁ উল্লেখ কৰে যে অসমৰ সাংস্কৃতিক ঐতিহ্য, যুৱ শক্তিৰ উদ্যম, আৰু অনন্য নৈসৰ্গিক সৌন্দৰ্যই অসমক লাইভ কনচাৰ্ট পর্যটনৰ আদৰ্শ গন্তব্যস্থান হিচাপে গঢ়ি তুলিব।

আন্তঃৰাষ্ট্ৰীয় কনচাৰ্টৰ স্থানসমূহ:
চুক্তিখনৰ অধীনত গুৱাহাটী মহানগৰীৰ উপৰি ডিব্ৰুগড়, যোৰহাট, শিলচৰ আদিৰ দৰে নগৰতো কনচাৰ্ট আয়োজন হ’ব। মুখ্যমন্ত্ৰীৰ মতে, ২০২৫ বৰ্ষতেই ৩-৪টা কনচাৰ্ট আয়োজনৰ সম্ভাৱনা আছে।

Book My Show ৰ সহ-প্ৰতিষ্ঠাপক আৰু CEO আশীষ হেমৰাজানীয়ে চুক্তিখনত সাক্ষৰ কৰে। তেওঁ কয়, “অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চল বিশ্ব সংগীত চাৰ্কিটত এখন নতুন মানচিত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব।

মুখ্যমন্ত্ৰীৰ সোশ্যাল মিডিয়াৰ মন্তব্য:

এই চুক্তি কেৱল সংগীত সমাৰোহৰ বাবে নহয়, অসমবাসীৰ প্ৰতিভা আৰু সাংস্কৃতিক বৈচিত্ৰ্য বিশ্ব মঞ্চত প্ৰতিফলিত কৰাৰ দৃঢ় প্ৰতিশ্ৰুতি বহন কৰে।

অনুষ্ঠানত উপস্থিত অন্যান্য গণ্যমান্য ব্যক্তি:

  • পর্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস
  • মুখ্য সচিব ড° ৰবি কোটা
  • মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড° কে কে দ্বিৱেদী
  • অসম পর্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা
  • বিগ ট্ৰী এণ্টাৰটেইনমেণ্টৰ CEO আশীষ হেমৰাজানী

এই পদক্ষেপে অসমলৈ সংগীত আৰু সাংস্কৃতিক অনুৰাগীসকলক আকৰ্ষণ কৰাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক বৃদ্ধি, পৰ্যটন বিকাশ আৰু আন্তর্জাতিক পৰিচয় গঢ়াৰ দিশে এক দৃঢ় ভিত্তি স্থাপন কৰিব।

Related Articles