Breaking

ডিফুত কবি লেখক শৰৎ পাটৰৰ ৰূপান্তৰৰ গদ্য আৰু বৰ্ণমালা শীৰ্ষক গ্ৰন্থ উন্মোচন

0 1,601

কাৰ্বি আংলঙৰ ডিফুস্থিত পদ্মশ্ৰী ৰংবং তেৰাঙৰ নিজা বাসগৃহ হিল ভিল কটেজত আজি কবি লেখক শৰৎ পাটৰৰ ‘ৰূপান্তৰৰ গদ্য আৰু বৰ্ণমালা’ শীৰ্ষক গ্ৰন্থ খনিৰ শুভ উন্মোচন কৰা হয়। উক্ত গ্ৰন্থখনি উন্মোচন কৰি সাহিত্যৰ কাণ্ডাৰী তেৰাঙে কয়, গ্ৰন্থখনে কাৰ্বি আংলঙৰ সাহিত্য জগতত সৌৰভ বিলাব।

লগতে ই এক প্ৰশংসনীয় পদক্ষেপ বুলি অভিমত ব্যক্ত কৰে। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ভৱ প্ৰসাদ দেউৰী, বিশিষ্ট সাংবাদিক সঞ্জু বৰা, লেখক ভৱেন বৰুৱা, লেখিকা দিপালী আমফি আৰু মঞ্জু টেৰণপী, ডিফু তিৱা সমাজৰ সভাপতি ৰাজেন কোঁৱৰ, কবি ইৰাজ শইকীয়া, কবি চন্দ্ৰছিং তেৰাং, তিৱা সাহিত্য সভাৰ জিলা সম্পাদক জনাৰ্দন পাটৰ আদিয়ে অংশগ্ৰহন কৰে।

গ্ৰন্থৰ লেখক শৰৎ পাটৰে গ্ৰন্থনিত ইতিমধ্যে অসমৰ বিভিন্ন কাকত স্মৃতিগ্ৰন্থত প্ৰকাশিত অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ তিৱা সকলৰ সাহিত্য সংস্কৃতি মূলক বিষয়ক দহটা নিৰ্বাচিত প্ৰবন্ধ সন্নিৱিষ্ট কৰাৰ কথা উল্লেখ কৰে।

Leave A Reply