‘বৰ্ডাৰ ২’ হিট (Border 2) হোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল ছানী দেওলে। পোষ্টটোত অভিনেতাগৰাকীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত তেওঁ নিজৰ অনুৰাগীসকলক ছবিখনৰ প্ৰতি থকা মৰমৰ বাবে ধন্যবাদ জনাইছে।
“বৰ্ডাৰ ২” ২০২৬ চনৰ প্ৰথমখন অভিলেখ ভংগকাৰী ছবি হিচাপে পৰিগণিত হৈছে। বক্স অফিচত ছবিখনৰ প্ৰদৰ্শনত সকলোৱে স্তম্ভিত হৈ পৰিছে। ছয় দিনৰ ভিতৰতে ঘৰুৱা বক্স অফিচত ২১৩ কোটি ₹ (২.১৩ বিলিয়ন) আৰু বিশ্বজুৰি ২৯০-২৯৫ কোটি (২.৯০ বিলিয়ন) টকা সংগ্ৰহ কৰে। ছবিখনৰ বাজেট আদায় কৰাৰ পিছত ছ’চিয়েল মিডিয়াত প্ৰথমটো পোষ্ট ছানী দেওলৰ।
ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে ছানী দেওলে। ভিডিঅ’টো শ্বেয়াৰ কৰি ছানীয়ে কেপচনত লিখিছে, “মোৰ…আমাৰ বৰ্ডাৰ ২ক ইমান মৰম দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ…” তেওঁ এটা হাৰ্ট আইকনও শ্বেয়াৰ কৰে।
এই ভিডিঅ’টোত ছানী দেউলে কৈছে, “মোৰ কণ্ঠ কিমান দূৰলৈকে গৈছিল…আপোনালোকৰ হৃদয়লৈ…বৰ্ডাৰ ২ক ইমান মৰম দিয়াৰ বাবে ধন্যবাদ।” অনুৰাগী আৰু চেলিব্ৰিটিসকলে অনবৰতে ছানীৰ এই ভিডিঅ’টোৰ ওপৰত মন্তব্য আগবঢ়াই আহিছে। ববি দেউল, কৰণ দেওল, আৰু মোনা সিঙে হাৰ্ট আইকন শ্বেয়াৰ কৰাৰ বিপৰীতে অনুৰাগীয়ে অভিনেতাজনক ছবিখনৰ সফলতাৰ বাবে অভিনন্দন জনাইছে।
‘বৰ্ডাৰ ২’-এ ৬ দিনত ৮টা ডাঙৰ অভিলেখ ভংগ কৰি ২০২৬ চনৰ প্ৰথমখন অভিলেখ ভংগকাৰী ছবি হিচাপে পৰিগণিত হয়।
২৩ জানুৱাৰীত মুক্তি লাভ কৰে ব্লকবাষ্টাৰ ছবি “বৰ্ডাৰ ২”। মুক্তিৰ পিছৰে পৰা ছবিখনে বক্স অফিচত চৰ্চা লাভ কৰিছে। এইবাৰৰ আটাইতকৈ ডাঙৰ অ’পেনাৰ হিচাপে পৰিগণিত হৈছে আৰু এইবাৰৰ প্ৰথমখন ব্লকবাষ্টাৰ হোৱাৰ দৌৰতো আছে। “বৰ্ডাৰ ২” পৰিচালনা কৰিছে অনুৰাগ সিঙে।

