Breaking

বৰশিল ! প্ৰকাণ্ড শিলেই যাৰ পৰিচয়…

0 115

কামৰূপ জিলাৰ কমলপুৰৰ মদৰতলা মৌজাৰ বৰশিল গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰগাঁৱত অৱস্থিত বৰশিল আশ্ৰম। শিলেই যাৰ পৰিচয় সেয়েই বৰশিল।ওঠৰ শতিকাৰ প্ৰায় ভাগৰে পৰা আজিলৈকে এই শিল টোৱে মানুহৰ মনত এক কৌতুহলৰ সৃষ্টি কৰি আহিছে ।বিশেষ কথা এইটোও যে শিলটো সমান ঠাইত অৱস্থিত।মন্দিৰৰ ওচৰে পাজৰে নাই কোনো পাহাৰীয়া ঠাই ,নাই কোনো শিলাময় ঠাইৰ অবস্থান ।আমি সাধাৰণ মানব জাতিয়ে জানো সৃষ্টিকৰ্তাৰ অপাৰ মহিমা আৰু শক্তিৰ কথা অনুমান কৰিব পাৰো।সৃষ্টি কৰ্তাৰ ইচ্ছাত লালিত পালিত আমি সকলো।সৃষ্টিকৰ্তাৰ বাবেই উদ্গীৰিত হয় ভূ গৰ্ভত থকা সকলো বস্তু।সৃষ্টিকৰ্তাৰ বাবেই উদগীৰিত হল এই শিল টো ওঠৰ শতিকাৰ আগ ভাগতে প্ৰয়াত আদৰু ৰাম কেওতৰ এডোখৰ সমান মাটিত ।তেতিয়াৰ পৰা এই শিলটো জনমানসত পৰিচিত হৈ আছে এক হিন্দু ধৰ্মৰ পৱিত্ৰ তীৰ্থ হিচাপে । সৃষ্টিকৰ্তাৰ ইচ্ছাত সৃষ্ট শিল টো ক্ৰমশ ডাঙৰ হোৱাৰ লগতে শিলটোত দেখা দিয়া কেইবাটাও চিহ্নই ভক্ত প্ৰাণ ৰাইজক আকৰ্ষিত কৰিছে ।লাহে লাহে এই শিলটোৰ কথাৰ আলোচনা চলিল আৰু শিলটোক সকলোৱে ভগৱান ৰ এক ৰূপ বুলি ভাবি লৈ পূজা অৰ্চনা কৰিবলৈ ধৰিলে ।


শিলটোৱে মানুহক আকৰ্ষণ কৰাৰ লগে লগে মানুহে ইয়াক নাম দিলে বৰশিল।যিমানেই শিলটোৰ আকাৰ বৃদ্ধি পালে সিমানে শিলটোৰ প্ৰতি মানুহৰ ভক্তি বৃদ্ধি পালে। শিল টোৰ চাৰি সীমা পৰ্যবেক্ষণ কৰিলে দেখা যায় যে চাৰিও দিশতে হিন্দু ধৰ্মৰ পৱিত্ৰ তীৰ্থ ঠাই আছে। বৰশিল মন্দিৰৰ পৰা কিছু নিলগত আছে মদনকামদেৱ মন্দিৰ, গোপেশ্বৰ দেৱালয় ,লক্ষ্মী মন্দিৰ,হৰগৌৰী মন্দিৰ আদি । শিলটোৱে প্ৰকৃতিক আদৰণি জনায় প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধি কৰিছে ।
অনুমেয় ওঠৰ শতিকাৰ মাজভাগত পূব পাৰ মৌজাৰ দালাং গাঁৱৰ নিবাসী প্ৰয়াত সভাৰাম দত্তই শিলটোৰ মহত্ব বুজি শিলটোৰ ওচৰতে এখন আশ্ৰম স্থাপন কৰি বসবাস কৰিবলৈ লোৱাত দুই চাৰি জন লোকে শিলটো চাব লৈ যোৱাত শিল টোৰ মহত্ব ক্ৰমশ বিকশিত হল আৰু জনসাধাৰণৰ সেৱাস্থলীত পৰিণত হৈছিল । প্ৰয়াত সভাৰাম দত্তৰ পিছতেই আশ্ৰমত থাকিব ললে বলৰাম বাবাজীয়ে ।বাবাজীয়ে আশ্ৰমত থকা সময়ত শাস্ত্ৰৰ বিষয়ে আলোচনা হোৱাত ৰাইজৰ আগতকৈও ধৰ্মৰ প্ৰতি ধাউতি বাঢ়িল।আশ্ৰমৰ চাৰি ফালে গছ গছনি ৰোপন কৰাত প্ৰাকৃতিক শোভা বৃদ্ধি পালে । প্ৰয়াত বলৰাম বাবাৰ পিছতেই আশ্ৰম খনিৰ দায়িত্ব পালন কৰিছিল প্ৰয়াত ভেহুৱা ডেকা,বিষ্ণু বাবা আদিকে ধৰি কেইবা গৰাকীও গণ্য মান্য ব্যক্তিয়ে ।সময় পাৰ হোৱাৰ লগে লগে আশ্ৰম খনিও ডাঙৰ হল।তিন চালিৰে নিৰ্মাণ কৰা আশ্ৰম খনি বৰ্তমান পকী হল।বিষ্ণু বাবাৰ দিনৰে পৰা এই আশ্ৰমক কেন্দ্ৰ কৰি বৰগাও আৰু সৰিকটৰ ৰাইজে হিন্দু ধৰ্মৰ পৱিত্ৰ উৎসৱ শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱ পালন কৰা হৈছিল।কিন্তু বৰ্তমানে সাৰিকতৰ ৰাইজে এই উৎসৱটি যোৰ অৰ্জুন তল গোপাল মন্দিৰ ত উদযাপন কৰে । আশ্ৰম খনিত আগৰে পৰাই প্ৰতি বৃহস্পতি বাৰে সন্ধিয়া ভাগত ভাগৱত পাঠ কৰা হৈছিল আৰু আজিও সেই নিয়ম আৰু ধৰ্মীয় পৰম্পৰা চলি আছে ।আশ্ৰমত উদযাপিত কৰা দৌল উৎসৱৰ আটাইতকৈ মনোৰম অনুষ্ঠান হৈছে আৰিয়া প্ৰজ্বলন ।মাটিৰ পাত্ৰত আৰিয়া প্ৰজ্বলন সমগ্ৰ অঞ্চলটোত সৰ্বজনবিদিত।অসমৰ বিভিন্ন প্ৰান্তৰ ভক্ত প্ৰাণ ৰাইজে অংশ গ্ৰহণ কৰে এই আৰিয়া প্ৰজ্বলনত। বৰ শিল আশ্ৰমক কেন্দ্ৰ কৰি বৰ শিল হাইস্কুল,সৰিকত বৰগাঁও মিলন মধ্য ইংৰাজী বিদ্যালয়, বৰশিল গাঁও পঞ্চায়ত আদিকে ধৰি কেইবাটাও ৰাজহুৱা অনুষ্ঠান । শিলটো যিহেতু ওঠৰ শতিকাৰ আৰম্ভনিতে সৃষ্টি হৈছিল শিল টোৰ বয়স প্ৰায় ২০০ বছৰ বুলি অনুমান কৰিব পাৰি।

Leave A Reply