Breaking

বলাৰ, অলৰাউণ্ড শাখাত দ্বিতীয় স্থান অশ্বিনৰ

0 2,031

ভাৰতীয় ক্রিকেট দলটোৰ প্রবীণ তাৰকা স্পিনাৰ ৰবিচন্দ্রন অশ্বিনে আই চি চি টেষ্ট ৰেংকিঙত বলিং আৰু অলৰাউণ্ডাৰ শাখাত দ্বিতীয় স্থানটো অক্ষুণ্ণ ৰাখিছে৷ আজি প্রকাশ পোৱা ৰেংকিঙৰ বলিং শাখাত ৮৮৩ ৰেটিং পইণ্টেৰে অশ্বিনে দ্বিতীয় স্থানটো নিজৰ দখলতে ৰাখে৷ অষ্ট্রেলিয়াৰ পেট কামিনছে শীর্ষ স্থান দখল কৰি থকা বলিং শাখাত পাকিস্তানৰ শ্বাহিন শ্বাহ আফ্রিদী তৃতীয় স্থানত থকাৰ বিপৰীতে ইংলেণ্ডৰ তাৰকা পেচ বলাৰ জেমছ এণ্ডাৰছন পঞ্চম স্থানলৈ উন্নীত হৈছে৷

আনহাতে, অলৰাউণ্ডাৰ শাখাত অশ্বিনে দ্বিতীয় স্থানটো অক্ষুণ্ণ ৰখাৰ লগতে সতীর্থ ৰবীন্দ্র জাদেজাই তৃতীয় স্থানটো নিজৰ দখলতে ৰাখিছে৷ অলৰাউণ্ডাৰ শাখাত ৱেষ্ট ইণ্ডিজৰ জেছন হল্ডাৰ শীর্ষ স্থানত আছে৷ ইপিনে, অষ্ট্রেলিয়াৰ লাবুচানেই শীর্ষস্থান দখল কৰি থকা বেটছমেন শাখাত টীম ইণ্ডিয়াৰ ৰোহিত শর্মাই চতুর্থ আৰু কোহলিয়ে ষষ্ঠ স্থানটো অধিকাৰ কৰি আছে৷

Leave A Reply