চীনে ব্ৰহ্মপুত্ৰক ভেটা দিব বুলি বিভিন্ন মহলত চৰ্চা চলি আছে।(Brahmaputra water) চীনে সৃষ্টি কৰিব পৰা এনে বিপদৰ আশংকাই সঁচাকৈয়ে অসম অথবা ভাৰতক ক্ষতিগ্ৰস্ত কৰিব নেকি সেই বিষয়ত মূল্যবান মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই ব্ৰহ্মপুত্ৰ নদীক লৈ পাকিস্তানৰ শেহতীয়া কল্পনাপ্ৰসূত আতংকক দৃঢ়তাৰে নাকচ কৰি কয় যে চীনে ভাৰতৰ ক্ষতি হ’ব পৰাকৈ ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। লগতে কয় যে এনেধৰণৰ আশংকা আতংক বিয়পোৱাৰ লক্ষ্যৰে ৰচনা কৰা এক আখ্যানৰ বাহিৰে আন একো নহয় ।”যদি চীনে ব্ৰহ্মপুত্ৰৰ পানী ভেটা দি ধৰি ৰাখে তেন্তে কি হ’ব?” বুলি পাকিস্তানে সৃষ্টি কৰিব বিচৰা শংকাৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে এই কথা দৃঢ়তাৰে কয় কয় যে ব্ৰহ্মপুত্ৰৰ পানীৰ অধিকাংশই ভাৰতৰ ভিতৰতে উৎপত্তি হয়, তিব্বত বা চীনৰ পৰা নহয় । ই হৈছে এক বহুলভাৱে প্ৰচাৰিত ভুল বুজাবুজি বা ভুলকৈ উপস্থাপন কৰা বিষয়।
এই সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “ভাৰতে সিন্ধু জলচুক্তিক নস্যাৎ কৰাৰ পাছত পাকিস্তানে এতিয়া নতুন এক কল্পনাপ্রসূত শংকাৰ সৃষ্টি কৰিব খুজিছে- ‘যদি চীনে ব্ৰহ্মপুত্ৰৰ পানী ভেটা দিয়ে ভাৰতৰ কি হ’ব ?’ ভাৰতৰ একো নহয় ৷ এই ভ্ৰান্ত ধাৰণাসমূহ তথ্যৰ আধাৰত আমি নস্যাৎ কৰিম৷ “মুখ্যমন্ত্ৰীয়ে কয়, “ব্ৰহ্মপুত্ৰই ইয়াৰ মহাবাহু বিশাল ৰূপ ধাৰণ কৰিছে ভাৰততহে ৷ চীনে ব্ৰহ্মপুত্ৰৰ পানীৰ ৩০-৩৫% হে যোগান ধৰে ৷ ইয়াৰে বেছিভাগ হিমবাহ গলি যোৱাৰ পাছত সৃষ্টি হোৱা পানী ৷ আৰু সীমিত তিব্বতীয় উপত্যকাত হোৱা বৰষুণৰ পৰা সৃষ্টি হোৱা পানী । বাকী থকা ৬৫-৭০% ব্ৰহ্মপুত্ৰৰ পানী ভাৰততে সৃষ্টি হৈছে, ভাৰততে বৈছে, এই পানী ব্ৰহ্মপুত্ৰলৈ বৈ আহিছে…।”
ব্ৰহ্মপুত্ৰৰ পানীৰ সিংহভাগ সৃষ্টি হৈছে অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মেঘালয়ৰ মুষলধাৰ বৰষুণৰ পৰা; সোৱণশিৰি, লোহিত, কামেং, মানস, ধনশিৰি, জীয়া-ভৰলী, কপিলী আদি প্ৰধান উপনৈৰ পৰা; খাচি, গাৰো আৰু জয়ন্তীয়া পাহাৰৰ পৰা; কৃষ্ণাই, ডিগাৰু, কুলসী আদি নৈৰ পৰা বুলিও মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰে।
ভাৰত-চীন সীমান্ত আৰু অসমৰ ভৈয়াম অঞ্চলত ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰৱাহৰ তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয়, “ভাৰত-চীন সীমান্তৰ টুটিঙত ব্ৰহ্মপুত্ৰৰ প্ৰবাহ প্ৰায় ২,০০০-৩,০০০ ঘনমিটাৰ প্ৰতি ছেকেণ্ড ৷ অসমৰ ভৈয়ামত, যেনে গুৱাহাটীত এই প্ৰবাহ বাৰিষাৰ সময়ত ১৫,০০০ৰ পৰা ২০,০০০ ঘনমিটাৰ প্ৰতি ছেকেণ্ডলৈ বৃদ্ধি পায় ৷” সেয়ে ভয়ৰ কোনো কাৰণেই নাই।