মৰিগাঁও জিলাৰ লাহৰীঘাটৰ টেঙাগুৰী কচাৰী গাঁৱত পুনৰ আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ গৰা -খহনীয়াৰ ভয়াৱহ তাণ্ডৱ। এটা সপ্তাহতে গৃহহীন হৈছে প্ৰায় শতাধিক পৰিয়াল। খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে আন বহু পৰিয়াললৈ। খহনীয়াৰ আতংকত আতংকিত আন বহু পৰিয়ালৰ লোকে নিজৰ সপোনৰ ঘৰখন ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে। নৱ গঠিত চৰকাৰক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগী লোক সকলৰ।