মগজু সুস্থ আৰু চোকা কৰি ৰাখিবলৈ আপুনি কি খায়? বিজ্ঞানীসকলে কয় যে মাছ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পৰাকৈ এক উত্তম খাদ্য, বিশেষকৈ চৰ্বিযুক্ত মাছ। এই মাছবোৰত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে, যিয়ে মগজুৰ কাম-কাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।(Brain)
২০২১ চনৰ এক গৱেষণাৰ মতে কিছুমান মাছ মগজুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি বিবেচিত হৈছে। গৱেষকসকলে কয় যে ইয়াৰ কাৰণ হৈছে মানুহৰ মগজু বেছিভাগেই চৰ্বিৰে গঠিত। ইয়াত ফেটি এচিড ডি এইচ এ বিশেষভাৱে অধিক পৰিমাণে পোৱা যায়। এই চৰ্বিয়ে আমাৰ মগজুৰ কলাৰ কোষ আৱৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু স্নায়ুৰ স্বাস্থ্যৰ বাবেও ই অতি প্ৰয়োজনীয়, ই সমগ্ৰ শৰীৰত সংকেতসমূহ মসৃণভাৱে প্ৰবাহিত কৰাত সহায় কৰে। এনে পৰিস্থিতিত যদি আপুনি আপোনাৰ মগজুক দীৰ্ঘদিনলৈ সুস্থ কৰি ৰাখিব বিচাৰে, তেন্তে এই মাছবোৰক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক-
হেৰিং
হেৰিং এবিধ সৰু মাছ, অৰ্থাৎ ই খাদ্য শৃংখলত কম আৰু ইয়াত পাৰা কম। হেৰিঙত অধিক পৰিমাণে ওমেগা-৩ ফেটি এচিড ইপিএ আৰু ডিএইচএ থাকে, যিয়ে শিক্ষণ আৰু স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে। এই মাছ বিধে ডিমেনচিয়া ৰোধ কৰাত যথেষ্ট সহায় কৰে।
মাগুৰ মাছ
মাগু মাছত ওমেগা-৩ ইপিএ আৰু ডিএইচএ বেছি থাকে। ১০০ গ্ৰাম মাগুৰ মাছত ৮৯৮ ইপিএ আৰু ১৪০০ ডিএইচএ থাকে। ইয়াৰ দ্বাৰা মগজুৰ সকলো অংশই নিজৰ কাৰ্য্য সম্পাদন কৰাত সহায় কৰে।
চালমন মাছ
চালমন ওমেগা-৩ ফেটি এচিডৰ লগতে ভিটামিন ডি, ভিটামিন ই আৰু কেইবাটাও বি ভিটামিনৰ উত্তম উৎস। এইখিনি খালে মগজুৱে সঠিকভাৱে কাম কৰাত সহায় কৰে। তদুপৰি বহু ৰোগৰ আশংকাও কমি যায়।
চাৰ্ডিন
চাৰ্ডিন হৈছে সৰু মাছ যিবোৰত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে। তুলনামূলকভাৱে কম খৰচী হোৱাৰ বাবে মগজুৰ স্বাস্থ্যৰ উন্নতিৰ বাবেও চাৰ্ডিন এক সুলভ বিকল্প হিচাপে গণ্য কৰা হয়। ২০২৩ চনৰ এক প্ৰতিবেদন অনুসৰি চাৰ্ডিনত প্ৰচুৰ পৰিমাণে এন্টি-ইনফ্লেমেটৰী, কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম আৰু জিংক থাকে, যাৰ বাবে ই হৃদযন্ত্ৰৰ লগতে মগজুৰ বাবেও উপকাৰী।
টুনা
টুনা আন এক জনপ্ৰিয় মাছ যিয়ে ওমেগা-৩ ফেটি এচিডৰ ভাল উৎস। কিন্তু মন কৰিবলগীয়া যে কিছুমান প্ৰকাৰৰ টুনাত পাৰাৰ পৰিমাণ বেছি হ’ব পাৰে। গতিকে এলবাকোৰ টুনাৰ দৰে কম পাৰাযুক্ত মাছ বাছি লোৱাটো ভাল।
এই মাছবোৰ খাদ্যত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ-
বিজ্ঞানীসকলে সপ্তাহত কমেও দুবাৰকৈ চৰ্বিযুক্ত মাছ খাবলৈ পৰামৰ্শ দিয়ে। স্বাস্থ্যকৰ ৰন্ধা পদ্ধতি ব্যৱহাৰ কৰিব। গৰ্ভৱতী মহিলা, স্তন্যপায়ী মহিলা আৰু সৰু ল’ৰা-ছোৱালীয়ে উচ্চ পাৰাযুক্ত মাছ যেনে কিংফিছ, শ্বাৰ্ক মাছ পৰিহাৰ কৰিব লাগে।

