ৰাজ্যত অৱশেষত বাতিল কৰা হ’ল ২০২১ বৰ্ষৰ HSLC আৰু HS চূড়ান্ত পৰীক্ষা। দীঘলীয়া বৈঠকৰ অন্তত এই ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।আজি পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত ৰাজ্যৰ কেইবাটাও দল-সংগঠনৰ সৈতে যেনে AASU, NBVP, RSS, SEBA, HSLC বৈঠকত বহিছিল ৰাজ্যৰ শিক্ষা বিভাগ। আৰু কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।আজিৰ বৈঠকত স্বাস্থ্য বিভাগে শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত এখন প্ৰেজেণ্টেশ্যন দিয়ে।
বৰ্তমান মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল পূৰ্বৰ নম্বৰৰ ভিত্তিত দিয়া হ’ব। কাইলৈৰ দিনটোত দুখন কমিটী গঠন কৰিব ৰাজ্যৰ শিক্ষা বিভাগে। দুয়োখন কমিটীয়ে তৈয়াৰ কৰা মডেলিটীৰ ভিত্তিত অহা ৩১ জুলাইৰ পূৰ্বে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।

