বিশ্ব উন্নয়নত ব্ৰিকছৰ সৈতে একত্ৰিতভাৱে আগবাঢ়িব ভাৰত: মোদী Brics Summit 2025

ডিজিটেল ডেস্ক: Brics Summit 2025 ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত ১৭তম ব্ৰিকছ শীৰ্ষ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব মানচিত্ৰত সন্ত্ৰাসবাদ, সংঘাত আৰু শান্তিৰ প্ৰতি দৃষ্টিভংগী সন্দৰ্ভত স্পষ্ট আৰু দৃঢ় বক্তব্য প্ৰকাশ কৰে। সন্ত্ৰাসবাদৰ বলি হোৱা দেশসমূহ আৰু সন্ত্ৰাসবাদ সমৰ্থকসকলক একে সূত্ৰত গণ্য কৰা উচিত নহয় বুলি মন্তব্য কৰি মোদীয়ে সৰাসৰি পাকিস্তানৰ নাম নোলোৱাকৈ পহলগাম আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ পটভূমিত চীন আৰু পাকিস্তানক কটাক্ষ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, “সন্ত্ৰাসবাদ আজি মানৱতাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি। ইয়াৰ বিৰুদ্ধে কোনো আপোচ নহ’ব লাগে।” তেওঁ সন্ত্ৰাসবাদৰ বিত্তীয় সহায়, নিৰাপদ আশ্ৰয়স্থল আৰু আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হৈ চলা কাৰ্য্যকলাপক তীব্ৰ গৰিহণা দিয়ে।

ব্ৰিকছৰ যৌথ বিবৃতিত পহলগাম আক্ৰমণক তীব্ৰভাৱে নিন্দা জনোৱা হয়। মোদীয়ে স্পষ্টভাৱে কয়, “সন্ত্ৰাসবাদৰ কাৰ্য্যক কোনো অৱস্থাত ন্যায়সঙ্গত কৰা নাযায়। ইয়াক সমৰ্থন কৰা বা মৌন সন্মতি জনাও গ্রহণযোগ্য নহয়।” তেওঁৰ মতে, কথাবাৰ্তা আৰু কামৰ মাজত সন্ত্ৰাসবাদ সন্দৰ্ভত কোনো বৈষম্য থাকিব নালাগে।

পশ্চিম এছিয়া তথা গাজা উপত্যকাত চলি থকা সংঘাত আৰু মানবিক সংকটৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি মোদীয়ে শান্তিপূর্ণ সমাধান আৰু আলোচনাৰ পথ বাচনি কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, “ভাৰত ভগৱান বুদ্ধ আৰু মহাত্মা গান্ধীৰ ভূমি — ইয়াত হিংসাৰ স্থান নাই। আলোচনাই হ’ল সমস্যাৰ একমাত্ৰ সমাধান।”

অন্ততঃ, মোদীয়ে অহা বছৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনলৈ সকলো সদস্য ৰাষ্ট্ৰক আমন্ত্ৰণ জনাই বিশ্বৰ উন্নয়নৰ বাবে একত্ৰিতভাৱে কাম কৰাৰ আহ্বান জনায়। তেওঁ কয়, “ভাৰত সাজু হৈছে ব্ৰিকছৰ সৈতে মিলি এখন উন্নত, স্থায়ী আৰু শান্তিপূৰ্ণ বিশ্ব গঢ়ি তুলিবলৈ।”

Related Articles