যুদ্ধবিৰতি ঘোষণাৰ পিছতো শনিবাৰে(BSF) নিশালৈকে পাক সেনাই ভাৰতৰ কাশ্মীৰ সীমান্তত গোলাবৰ্ষণ অব্যাহত ৰাখিছিল৷ ফলত পাক সেনাৰ গুলীত নিহত হয় বিএছএফৰ বিষয়া৷ জম্মুৰ আৰ এছ পুৰা ছেক্টৰত শনিবাৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাকিস্তানে সীমা অতিক্ৰম কৰি গুলীচালনা কৰাৰ সময়তে সীমান্ত সুৰক্ষা বাহিনীৰ এজন উপ-পৰিদৰ্শক নিহত হোৱাৰ বিপৰীতে আন সাতজন লোক আহত হয়৷
এই সন্দৰ্ভত এগৰাকী শীৰ্ষ বিষয়াই কয় যে বি এছ এফৰ উপ-পৰিদৰ্শক এম ডি ইমটিয়াজে শত্ৰুপক্ষৰ বিৰুদ্ধে সন্মুখৰ পৰা সাহসেৰে নেতৃত্ব দি দেশমাতৃৰ বাবে সৰ্বোচ্ছ ত্যাগ কৰিছিল৷ বি এছ এফে এক বিবৃতিত বিষয় সন্দৰ্ভত এনেদৰে প্ৰকাশ কৰে– ‘বি এছ এফৰ এটা সীমান্ত আউটপোষ্টৰ নেতৃত্ব দি থকাৰ সময়তে উপ-পৰিদৰ্শক এম ডি ইমটিয়াজে সাহসেৰে সন্মুখৰ পৰা নেতৃত্ব দিছিল৷
২০২৫ চনৰ ১০ মে’ত জম্মুৰ আৰ এছ পুৰা অঞ্চলত আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি গুলীচালনা কৰাৰ সময়ত বি এছ এফৰ সাহসী হৃদয়ে কৰা সৰ্বোচ্ছ ত্যাগক আমি প্ৰণাম জনাইছো৷’ ইপিনে পাকিস্তানেও ভাৰতৰ বিৰুদ্ধে যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ আনিছে৷