Breaking

বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অভিযান, সীমান্তত ৫৪ টা গৰু উদ্ধাৰ

0 48

ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা আৰু নিৰাপত্তাৰ নিৰীক্ষণ কৰাৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্রণ্টিয়াৰৰ ফালৰ পৰা তেওঁলোকক অৰ্পণ কৰা সীমান্তত যাতে কোনো ধৰণৰ অবৈধ কাৰ্যকলাপ সংঘটিত হ’ব নোৱাৰে তাৰ ওপৰত সদা – সতৰ্ক দৃষ্টি ৰাখি আহিছে।

ইয়াৰ অংশ হিচাপে শনিবাৰে ৭৫ বেটেলিয়ানৰ দল এটাই নিদিষ্ট তথ্যৰ ভিত্তিত অসমৰ ধুবুৰীৰ পৰা কিছু নিলগৰ কোচবিহাৰ জিলাৰ গোপালপুৰ ধুমাৰকাটা গাঁৱত বাংলাদেশ সীমান্তত বাংলাদেশলৈ নিবলৈ চেষ্টা কৰা ৫৪ টা গৰু উদ্ধাৰ কৰা হয়।

বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি উদ্ধাৰ কৰা গৰু সমূহ পাছত সংশিষ্ট কৰ্তৃপক্ষক গতাই দিয়া হয় ।

উল্লেখযোগ্য যে বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তত মানুহৰ লগতে গৰুসহ কোনো ধৰনৰ নিষিদ্ধ আৰু চোৰাং সামগ্ৰী যাতে সৰবৰাহ হ’ব নোৱাৰে তাৰ বাবে অহৰহ পহৰা দি অহাৰ লগতে এই ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে।

Leave A Reply