Breaking

শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত বিটিচি প্ৰধান প্ৰমোদ বড়ো

0 2,298

যোৱা ১৩ নৱেম্বৰত মণিপুৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা বাক্সাৰ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত আজি উপস্থিত হয় বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৷ বাক্সা জিলাৰ বৰমাৰ থৈকাৰাকুছিৰ ঘৰত উপস্থিত হৈ প্ৰমোদ বড়োৱে অসম ৰাইফলছৰ শ্বহীদ জোৱান সুমনৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতি কামনাৰে শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে ৷ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই সুমন স্বৰ্গীয়াৰীৰ নামত শ্বহীদ গৰাকীৰ ঘৰলৈ যোৱা পথটো পকীকৰণ কৰাৰ লগতে সুমনে অধ্যয়ন কৰা হিৰিম্বা বড়ো উচ্চ বিদ্যালয়ত এখন গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিচত আজি বিটিচি প্ৰধান প্ৰমোদ বড়োৱে বিটিচি চৰকাৰৰ তৰফৰ পৰা শ্বহীদ গৰাকীৰ এটি প্ৰতিমূৰ্তি স্থাপনৰ লগতে সুমনে পঢ়া বিদ্যালয়ৰ তোৰণ শ্বহীদ গৰাকীৰ নামত নামাকৰণ কৰা হ’ব বুলি কয় ৷ আনহাতে অহা ডিচেম্বৰ মাহৰ ভিতৰত শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নামত এটি বয়ন কেন্দ্ৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলিও ঘোষণা কৰে ৷ লগতে শ্বহীদ গৰাকীৰ গাৱখনত জলজীৱন আঁচনিৰ কাম শীঘ্ৰে ৰূপায়ণ কৰাৰ বাবেও বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ৷ আনহাতে শ্বহীদ গৰাকীৰ উচ্চশিক্ষিতা পত্নী জুৰি স্বৰ্গীয়াৰী আৰু জ্যেষ্ঠ ভগ্নীক আদ্যশ্ৰাদ্ধৰ পিচতেই সংস্থাপনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে বড়োৱে ৷ ইপিনে প্ৰমোদ বড়োৱে বৰ্তমান সভ্যতাৰ শীৰ্ষত বাস কৰা মানৱ সমাজত উগ্ৰপন্থীয়ে এইদৰে নিৰীহ মানুহ হত্যা কৰি সন্তুষ্টি পালেও ইয়াৰ পৰা কিন্তু একো লাভ নহ’ব বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ বন্দুকধাৰী সংগঠন সমূহক হত্যা-হিংসাৰ পৰা বিৰত থাকি আলোচনাৰ মাজেৰে আহি এখন অস্ত্ৰ-হিংসামুক্ত সমাজ গঢ়ি ৰাইজৰ হ’কে কাম কৰাৰ বাবে আহ্বান জনায় বিটিচি প্ৰধান গৰাকীয়ে ৷ উল্লেখ্য যে শ্বহীদ গৰাকীৰ বাসগৃহত প্ৰমোদ বড়োৰ সৈতে আজি বিচিটিৰ অধ্যক্ষ কাতিৰাম বড়ো, ইউপিপিএলৰ মুছলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দয়াল শৰণীয়াও উপস্থিত থাকে ।

Leave A Reply