কোকৰাঝাৰ, ৭ জুলাই: BTC Election কোকৰাঝাৰ চহৰৰ গ্ৰীণফিল্ডত আজি অনুষ্ঠিত হোৱা বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিটিআৰ নিৰ্বাচন সন্দর্ভত এক দিশ নিৰ্ধাৰক মন্তব্য আগবঢ়ায়। এই সন্মিলনত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত আছিল বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী অশোক সিংহল, আৰু বিধায়ক দিল্পুৰঞ্জন শৰ্মা।
সন্মিলনত মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে ঘোষণা কৰে যে, অহা বিটিআৰ নিৰ্বাচনত বিজেপিয়ে নিৰ্বাচন খেলিব আৰু জিকিবলৈ খেলিব। তেওঁ কয়, “আমি কাৰোবাৰ বিৰুদ্ধে নিৰ্বাচন নেখেলোঁ, আমি খেলিম বিটিআৰৰ বিকাশ আৰু কল্যাণৰ বাবে।” তেওঁ লগতে কয়, বিটিআৰৰ নিৰ্বাচনী প্ৰচাৰ আগষ্ট মাহত আৰম্ভ হ’ব আৰু দুৰ্গা পূজাৰ আগতে নিৰ্বাচন সম্পন্ন হ’ব।
ড° শৰ্মাই উল্লেখ কৰে যে বিটিআৰৰ সকলো জাতি-গোষ্ঠীক সমান অধিকাৰৰ সৈতে উন্নয়ন আৰু শান্তিৰে আগবঢ়াবলৈ বিজেপি দৃঢ়সংকল্পবদ্ধ। তেওঁ কয়, “বড়োলেণ্ডত কোনো দ্বিতীয় বা তৃতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলোৰে অধিকাৰ সমান। আমাৰ লক্ষ্য হৈছে বিটিআৰক অসমৰ আটাইতকৈ বেছি প্ৰগতিশীল অঞ্চলৰূপে গঢ়ি তোলা।”
তেওঁ কংগ্ৰেছৰ শাসনৰ সমালোচনা কৰি কয়, কংগ্ৰেছৰ সময়ত বিটিআৰত প্ৰায় প্ৰতিদিনে গুলী-বোমাৰ শব্দ শুনা গৈছিল। তেওঁ গৌৰৱেৰে কয়, “মই মুখ্যমন্ত্ৰী হিচাপে যোৱা চাৰে চাৰি বছৰত বড়োলেণ্ডত এটাও বোমাৰ শব্দ শুনা নাই।”
বিটিআৰলৈ ২০০বাৰৰো অধিক ভ্ৰমণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “আগৰ মুখ্যমন্ত্ৰীসকলে বিটিআৰলৈ কিমান বেলেগা আহিছিল জানে নে? কিন্তু মই চাৰে চাৰি বছৰত ২০০বাৰৰো অধিক আহিছোঁ, কাৰণ বিটিআৰ অসমৰ অংশ, আৰু ইয়াৰ উন্নতি আমাৰ দায়িত্ব।”
সামাজিক উন্নয়ন আঁচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় –
- প্ৰতিটো দুখীয়া পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব
- লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰা হ’ব
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ তালিকা চূড়ান্ত কৰা হ’ব
- প্ৰতিটো বিধানসভাত ৪ হাজাৰকৈ নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব
- চাহ বাগিচাত “এটি কলি, দুটি পাত” আঁচনি প্ৰদান কৰা হ’ব
সেয়াৰ লগতে তেওঁ উল্লেখ কৰে যে বিটিআৰত ২৬টা জাতি-গোষ্ঠী আছে, আৰু সকলো জাতিয়ে সমান অধিকাৰ নাপালৈকে বিটিআৰ সঁচাকৈ প্ৰগতিশীল নহ’ব।
শেষত মুখ্যমন্ত্ৰীয়ে কৈ যায়, “বিটিআৰত বিজেপিয়ে নিৰ্বাচন খেলিব, আৰু বিটিআৰৰ উন্নয়নই আমাৰ একমাত্ৰ লক্ষ্য। এতিয়াৰ পৰা মোক সুধিব নালাগে – আমি খেলিম, আৰু জিকিম।”
এই বক্তব্যৰে মুখ্যমন্ত্ৰীয়ে কার্যকৰীভাৱে বিটিআৰ নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী অভিযানৰ সূচনা কৰে।