Breaking

তামুলপুৰ মহাবিদ্যালয়ত ৩৬ সংখ্যক নৱাগত আদৰণি সভা, উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো

0 59

তামুলপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয় ৩৬ সংখ্যক নৱাগত আদৰণী সভা। ৰাতিপুৱা সমৱেত সংগীতেৰে কাৰ্যসূচী মুকলি কৰা অনুষ্ঠানত মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে বিহু নৃত্য, বৈশাগু নৃত্য আদি পৰিবেশন কৰি অনুষ্ঠানটো ৰঙীন কৰি তোলে।

সভাখনত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলৰ উদ্দেশ্যে উদগনিমূলক ভাষণ প্ৰদান কৰাৰ লগতে তামুলপুৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ ইএম ৰনেন্দ্ৰ নাৰ্জাৰীকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি কেতবোৰ গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই।

Leave A Reply