BTR Election : বাক্সাৰ বাগানপাৰাত ইউপিপিএলৰ হিতাধিকাৰী সভা

বাক্সা, ৭ জুলাইঃ BTR Election (বডোলেণ্ড টেৰিট’ৰিয়েল ৰিজিয়ন) নিৰ্বাচন আগবাঢ়ি আহি থকা পৰিস্থিতিত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ শক্তি প্ৰদৰ্শন আৰম্ভ কৰিছে। এনে সময়তে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী ভেটি মজবুত কৰিবলৈ ইউপিপিএল (ইউনাইটেড পিপলছ্ পাৰ্টি লিবাৰেল) দলেও সক্ৰিয় ভুমিকা গ্ৰহণ কৰিছে।

সোমবাৰে বাক্সা জিলাৰ বাগানপাৰাত ইউপিপিএল দলটোৱে হিতাধিকাৰীৰ আৰ্থ-সামাজিক সজাগতা সভা আয়োজন কৰে। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো।

সভাখনত আদৰণি ভাষণ দিয়ে বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিধায়ক তথা বিটিআৰ অধ্যক্ষ কাতিৰাম বড়োৱে। সভাত বক্তৃতা ৰাখি প্ৰমোদ বড়োৱে বিগত চাৰি বছৰ ছয় মাহত ইউপিপিএল নেতৃত্বাধীন বিটিআৰ চৰকাৰে কৰা উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে।

তেওঁ কয়, “আমাৰ চৰকাৰে বিটিআৰত শান্তি, স্থিৰতা আৰু উন্নয়ন পুনঃস্থাপন কৰিছে। এই অঞ্চলত সশস্ত্ৰ সংঘাতৰ দিন অতীত হৈ পৰিছে, এতিয়া উন্নয়নৰ নতুন যুগত পঠিয়াই লৈ যোৱা হৈছে।”

বিটিআৰ নিৰ্বাচনৰ প্রাকমুহূর্তত অনুষ্ঠিত এই সভাটোৱে অঞ্চলটোৰ ৰাজনৈতিক উত্কটতা আৰু ইউপিপিএলৰ সংগঠনত্মক শক্তিৰ আভাস প্ৰদান কৰিছে।

Related Articles