ওদালগুৰি জিলা আগ্ছু, গোৰ্খা সন্মিলন আৰু নেপালী সাহিত্য সভাৰ কাৰ্য্যলয়ত বি টি আৰ প্ৰমুখ প্ৰমোদ বড়ো

বি টি আৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে ১০ আগষ্টত ওদালগুৰি জিলা সদৌ অসম ছাত্ৰ সন্থা, অসম গোৰ্খা সন্মিলন আৰু অসম নেপালী সাহিত্য সভাৰ কাৰ্য্যলয়ত উপস্থিত হৈ সমিতিৰ বিষয়বীয়া সকলৰ লগত মিলিত হৈ গোৰ্খাসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়। গোৰ্খাসকলৰ তিনিওটাই সংগঠন এক হৈ বি টি আৰ প্ৰমুখক স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ গ্ৰহন কৰি প্ৰমোদ বড়োৱে যিমান পাৰি সোনকালে আৰু এটা এটাকৈ সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। বি টি আৰ প্ৰমুখ প্ৰমোদ বড়োক অসম গোৰ্খা সন্মিলন, গোৰ্খা ছাত্র সন্থা আৰু নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিয়ে একোখনকৈ সম্বৰ্ধনা পত্ৰ, মোমেন্টো, খুকুৰী প্ৰদান কৰি সম্বৰ্ধনা জনায়। বি টি আৰ প্ৰমুখৰ লগত গোৰ্খা জনগোষ্ঠীৰ মনোনীত পাৰ্ষদ মাধৱ ছেত্ৰী, কাৰ্য্যবাহী সদস্য উইল্ছন হাজ্দা, পাৰ্ষদ সঞ্জয় স্বৰ্গীয়াৰী, ৰাকেশ ব্ৰহ্মও উপস্থিত থাকে। উক্ত অনুষ্ঠানত অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় উপ সভানেত্ৰী কল্পনা শৰ্মা, সাধাৰণ সম্পাদক লক্ষ্মী চেঢ়াই, উপদেষ্টা কুবেৰ ছেত্ৰী,সদস্য কৃষ্ণ মিজাৰ, ভীষ্ম উপাধ্যায়, বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি দিলু শৰ্মা,উপসভাপতি ঋষিৰাম পোখ্ৰেল, সদস্য কৃষ্ণ গিৰি, ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেল, কাৰ্য্যকৰী সভাপতি ভূৱন ধমালা, উপ সভাপতি পৰ্শুৰাম ছেত্ৰী, ডিল্লিৰাম শৰ্মা, হোমনাথ পৌডেল, উপদেষ্টা ৰমেশ দাহাল, ওদালগুৰি জিলা গোৰ্খা মহিলা প্ৰকোষ্ঠৰ সভানেত্ৰী হীৰা মিশ্ৰ, কাৰ্য্যকৰী সভানেত্ৰী অঞ্জু দেৱী, উপ সভানেত্ৰী ইন্দিৰা কটুৱাল, সাধাৰণ সম্পাদিকা তমন্না শৰ্মা, প্ৰচাৰ সম্পাদিকা হীৰা দেৱী কটুৱাল, সাংস্কৃতিক সম্পাদিকা হিমা খড্কা, সদস্যা ৰঞ্জু দেৱী, ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সোমৰাজ সোনাৰ, সাধাৰণ সম্পাদক সঞ্জীৱ খতিওড়া, বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ উপ সভাপতি ৰোহিত দাহাল, সহ সম্পাদক পুৰ্ণ বিষ্ট, অসম নেপালী সাহিত্য সভা বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি গায়ত্ৰী ভট্টৰাই, ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষ্মণ অধিকাৰী, সাধাৰণ সম্পাদক মোহন ৰাউত, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুষ্পধৰ শৰ্মা, বিশিষ্ট সাহিত্যিক তাৰাপতি উপাধ্যায়, বিদ্যাপতি দাহাল আদি উপস্থিত থাকে।

Related Articles