নামৰূপত বেতেৰে নিৰ্মাণ কৰি উলিয়ালে এখন অত্যাধুনিক বুলেট।

নামৰূপৰ তিলক চেতিয়া। যিজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে সম্পূৰ্ণ বেটেৰে নিৰ্মিত এখন অত্যাধুনিক বুলেট আকৃতিৰ মটৰচাইকেল। নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ মূল প্ৰবেশদ্বাৰৰ সমীপত বাস কৰা তিলক চেতিয়াই নিজস্ব প্ৰতিভাৰে নিৰ্মাণ কৰি উলিয়াইছে অত্যাধুনিক বাহনখন। সুদীৰ্ঘ ২০ বছৰে তিলক চেতিয়াই নিত্য ব্যৱহাৰ্য চকী টেবুল বিচনাকে আদি কৰি বিভিন্ন ধৰণৰ সৌন্দৰ্য বৰ্ধক সামগ্ৰী বাহ আৰু বেতেৰে নিৰ্মাণ কৰি আহিছে। তাৰোপৰি মহ শিঙৰ পেঁপাৰ পৰিবৰ্তে বাহেৰে জুৰীয়া পেপা প্ৰস্তুত কৰি অজস্ৰ জনৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

Related Articles