গুণোৎসৱৰ প্ৰাকক্ষণতেই টেঙাখাতৰ অঙ্গনবাড়ী কেন্দ্ৰত চোৰৰ তাণ্ডব: তীব্ৰ প্ৰতিক্ৰিয়া

বিদ্যালয় সমূহৰ গুণোৎসৱৰ প্ৰাকক্ষণতেই ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানাৰ অধীনস্থ এটা অঙ্গনবাড়ী কেন্দ্ৰৰ পৰা যোৱা নিশা চোৰে বহু সামগ্ৰী চুৰি কৰি লৈ যোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।উল্লেখযোগ্য যে,।অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ নকাৰী ০২ অঙ্গনবাড়ী কেন্দ্ৰৰ পৰা শিশুসকলৰ বাবে ৰখা খাদ্য, গেছ চিলিণ্ডাৰ আৰু অন্যান্য যাৱতীয় সামগ্ৰী চুৰি কৰাৰ লগতে বহু কিতাপ পত্ৰ নষ্ট কৰি থৈ যায়।ইতিমধ্যে, কেন্দ্ৰটোত অঞ্চলটোৰ গাঁওবুঢ়া , পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে পৰিদৰ্শন কৰি এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰাৰ লগতে কেন্দ্ৰটোৰ কৰ্মী লিনা গগৈ আৰু সহায়িকা নিৰুমণি হাজৰিকাই টেঙাখাত আৰক্ষী থানাত এক এজাহাৰৰ যোগেদি অভিযোগ উত্থাপন কৰিছে।

এই ক্ষেত্ৰত আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ৷

Related Articles