Breaking

হাটশিঙিমাৰীত দিন দুপুৰতে চোৰৰ চাফাই অভিযান

0 1,067

চুৰে লুটিলে আঢ়ৈ লাখ টকাৰ সোনৰ আ-অলংকাৰ লগতে নগধ ১০ হাজাৰ টকা।হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা প্ৰায় ১০০ মিটাৰ নিলগত আব্দুৰ ছবুৰৰ ঘৰত তোলা কাটি দিনৰ আনুমানিক ১২ বজাত চুৰে তলা ভাঙি ঘৰৰ ভিতৰৰ পৰা ১০ হাজাৰ টকা সহ প্ৰায় ২.৫০ লাখ টকাৰ সোনৰ আ-অলংকাৰ চুৰ কৰি লৈ যায়।দুয়ো পতি-পত্নি অফিচত থকাৰ সুযোগ লৈ তলা ভাঙি ঘৰৰ ভিতৰৰ সা-সামগ্ৰী ওলট পালট কৰি চোৰে চলায় চাফাই অভিযান।

উল্লেখ যে ইয়াৰ আগতো আব্দুৰ ছবুৰৰ ঘৰৰ কাষতে আন এজন ব্যক্তিৰ ঘৰতো চুৰি কাণ্ড সংঘটিত হৈছিল।যাৰ বাবে আজিও অনুৰূপ ঘটনা সংঘটিত হোৱাত আব্দুৰ ছবুৰে পুলিচ প্ৰশাসনক অধিক কটকটীয়া ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনায়।

Leave A Reply