Breaking

লামডিঙত একে নিশাই দুটা স্হানত চোৰৰ চাফাই অভিযান

0 2,253

চিচি কেমেৰাৰ ফুটেজত ধৰা পৰিল চুৰি কৰাৰ দৃশ্য।সাৱধান আপোনাৰ দোকানৰ পৰাও এইদৰে লুটি নিব পাৰে দোকানৰ  কেছত থকা টকা ।শুকুৰবাৰ ৰাতি পুৱা  ৩.৩০ পৰা ৪টা  বজাত লামডিং নেতাজী ৰোডত থকা এখন কণী আলু পিয়াঁজৰ  দোকানৰ পৰা আৰু নেতাজী ক্লাৱৰ কালী মন্দিৰত  চোৰে চলালে সাফাই অভিযান। চিচি কেমেৰাৰ ফুটেজত ধৰা পৰিল নেতাজী ৰোডৰ  আলু পিয়াজৰ দোকানৰ চুৰি কৰাৰ সমগ্ৰ ঘটনা।ভালকৈ প্ৰত্যক্ষ কৰক গভীৰ নিদ্ৰাত যেতিয়া আপুনি থাকে তেতিয়া কেনেকৈ চোৰে দোকানৰ তলা ভাঙি প্ৰথমে প্রবেশ কৰি দোকানত থকা টকা চুৰি কৰে তাৰ পাছত দোকান খনত লগোৱা চি চি কেমেৰাৰ কানেকচন কাটি দিয়ে। পিছে  চোৰিকাণ্ডৰ সমগ্ৰ  ঘটনাটো দোকানী ( টুটন কান্তি হোৰ) চিচি ফুটেজত  চাই লামডিং আৰক্ষীক অৱগত কৰে।তাৰ পিছত আৰক্ষী আটক কৰি আদালতলৈ প্ৰেৰন কৰে সুজিত দাস নামৰ গভাইত  চোৰ জনক। উল্লেখ যে আগতেও এনে ধৰনৰ চুৰিৰ অভিযোগত সুজিতক আটক কৰিছিলে লামডিং আৰক্ষীয়ে।

Leave A Reply