Breaking

আন্ত:জিলা যাতায়তৰ নিৰ্দেশক ভেঙুচালী কৰি উত্তৰ প্ৰদেশৰ বাছ প্ৰবেশ ৰঙিয়াত

0 1,557

আন্তঃজিলা যাতায়ত বন্ধৰ নামত আচলতে চলিছে কি? ৰেলেৰে বহি:ৰাজ্যৰ পৰা যাত্ৰীসকলে অসমলৈ আহি থকাটো সকলোৰে জ্ঞাত। কিন্তু এইবাৰ বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীবাহী বাছৰ প্ৰবেশ অসমত।জিলাই জিলাই দায়িত্বত নিয়োজিত আৰক্ষীক মেনেজ কৰি বহিঃৰাজ্যৰ পৰা অসমত প্ৰবেশ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় বাছৰ চালক হেণ্ডিমেনসকলে। শনিবাৰে উত্তৰ প্ৰদেশৰ পৰা অহা যাত্ৰী ভৰ্তি বাছ এখন  উপস্থিত হোৱাৰ লগে লগেই ৰঙিয়াৰ ১নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে চকত থকা স্থানীয় বাছৰ চালক হেণ্ডিমেনসকল ক্ষোভিত হৈ পৰে। বহু দিনৰ পৰাই ৰঙিয়াৰ মাজেৰে অন্য ৰাজ্য তথা জিলাৰ একাংশ যাত্ৰীবাহী বাছ নিৰ্বিঘ্নে পাৰ হৈ যোৱা বুলি অভিযোগ উত্থাপন কৰে । উল্লেখযোগ্য যে জিলাখনৰ সীমাত থকা অস্থায়ী আৰক্ষী চকী সমুহতো আৰক্ষী উপস্থিত নাথাকে । শনিবাৰেও উত্তৰ প্ৰদেশৰ পৰা অহা বাছখনত পান জপা দি গাত গা লগাই প্ৰায় শতধিক যাত্ৰী লৈ আহিছে অসমলৈ । দুজনৰ আসনত বহিছে তিনিজনকৈ । বাছখনৰ আসনৰ তলতো যাত্ৰী বহি আহিছে । বাছখনৰ ভিতৰত আছে প্ৰায় দহটাতকৈও অধিক কণমানি শিশু। ক’ভিডৰ সম্পূৰ্ণ নীতি নিয়ম ভৰিৰে মোহাৰি উত্তৰ প্ৰদেশৰ পৰা অহা এই বাছখন গুৱাহাটী অভিমুখে যাত্ৰা কৰিছে । যাত্ৰীসকলক অনুজ্ঞাপত্ৰৰ কথা সোধাত মাত্ৰ পাঁচজন যাত্ৰীয়ে দেখুৱাবলৈ সক্ষম হয় ক’ভিড পৰীক্ষাৰ প্ৰমাণ পত্ৰ । ড্ৰাইভাৰক এই বিষয়ে প্ৰশ্ন কৰাত কোনো কথা জনাবলৈ অস্বীকাৰ কৰে । এতিয়া প্ৰশ্ন হয় কেইবাখনো ৰাজ্য পাৰহৈ অহা বাছখনে অসমত সোমোৱাৰ পিছত ইমান কেইখন জিলা পাৰহৈ ৰঙিয়াত কেনেদৰে উপস্থিত হ’ল ? ইমানদিনে আৰক্ষীৰ বিৰুদ্ধে টকাৰ বিনিময়ত বাছ সমুহক যাবলৈ দিয়া অভিযোগ সচা প্ৰমাণিত নেকি ! যদিহে এইদৰেই বাছসমূহৰ যাতায়ত চলি থাকে, চৰকাৰে দিনে দিনে জাৰি কৰি থকা এছ অ’ পি সমুহ নাটকত পৰিণত হ’বযে খাটাং।

Leave A Reply