নগাঁৱৰ পৰা কেৰেলালৈ বাছৰ যাত্ৰা আৰম্ভ : কভিডৰ বাবে এমাহৰো অধিক কাল আবদ্ধ হৈ আছিল ষাঠি খনৰো অধিক বাছ

কভিডৰ দ্বিতীয় লহৰে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে আবদ্ধ হৈ থকা কেৰেলাৰ বাছ সমূহক কালি সন্ধ্যাৰ পৰা কেৰেলা অভিমুখে পঠোৱাৰ ব্যবস্থা কৰিছে নগাঁও জিলা প্ৰসাশনে  । উল্লেখ্য , বহি: ৰাজ্য কেৰেলাত কৰ্মৰত অসমৰ শ্ৰমিক সকলক অনা নিয়া কৰিবৰ বাবেকেৰেলাৰ পৰা এই বাছ সমূহ অহা যোৱা কৰে । জিলাখনৰ নগাঁও চহৰৰ খুটিকটীয়াকে ধৰি কাতিমাৰী , ৰূপহী , ৰাঙলু আদি লৈ কেৰেলাৰ পৰা এই বাছ সমূহৰ চলাচল হৈ আহিছে । প্ৰায় ৬০ খনৰো অধিক বাছ কভিড জনিত পৰিস্থিতিৰ বাবে এমাহৰো অধিক কাল নগাঁৱত আবদ্ধ হৈ আছে । ফলত বাছ সমূহৰ চালক- পৰিচালককে ধৰি কেৰেলাৰ শতাধিক লোক ভীষন সমস্যাত পৰাৰ লগতে আৰ্থিক সংকটত পৰে । নিজৰ গৃহ ৰাজ্য কেৰেলালৈ যাবৰ বাবে ঊদগ্ৰীব হৈ পৰিছিল যদিও কভিডৰ বাবে যাব পৰা নাছিল । আনহাতে , নগাঁৱৰ একাংশ সচেতন লোকে এই লোকসকলৰ পৰাই কভিডৰ সংক্ৰমণ হব পাৰে বুলি আশংকা প্ৰকাশ কৰি এই লোক সকলক বাছ সহ কেৰেলালৈ ওভতাই পঠাবৰ বাবে এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তক প্ৰদান কৰিছিল । ইয়াক কেন্দ্ৰ কৰি সেই সময়ত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হৈছিল । পিছত নগাঁৱৰ আৰক্ষী অধীক্ষকে এই লোক সকলক কেৰেলালৈ ওভতাই পঠোৱা হব বুলি আশ্বাস প্ৰদান কৰে ।ইপিনে এই সন্দৰ্ভত কেৰেলা চৰকাৰে অসম চৰকাৰৰ লগত যোগাযোগ কৰাৰ পিছতেই এই লোক সকলক কেৰেলালৈ ওভতাই পঠাবৰ বাবে নগাঁও জিলা প্ৰশাসন তৎপৰ হৈ পাৰে । কালি সন্ধ্যাৰ পৰা এই বাছ সমূহ কেৰেলালৈ পঠোৱাৰ ব্যবস্থা কৰিছে  জিলা প্ৰশাসনে । কালি পাচ খন বাছক কেৰেলালৈ ওভতাই পঠোৱাৰ পাছত আজিও কেবাখনো বাছ কেৰেলালৈ ওভতাই পঠাইছে । যাত্ৰীহীন ভাবেই এই বাছ সমূহে ওভটনী যাত্ৰা কৰিছে । এই সমগ্ৰ প্ৰক্ৰিয়াতো তদাৰক কৰিছে নগাঁও সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া যুৱৰাজ বৰঠাকুৰ আৰু ইয়াত সহযোগিতা আগবঢ়াই সমবায় বিভাগৰ বিষয়া ৰূপৰঞ্জন দাসে ।

Related Articles