Breaking

মিৰ্জাত ব্যৱসায়ী মুনিন্দ্ৰ তালুকদাৰক অপহৰণ

0 2,085

সংযুক্ত মুক্তি বাহিনী আলফাই দুই কুইপ বিষয়াক অপহৰণ কৰা কণ্ডত ৰাজ্যজুৰি হোৱা চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ পলাশবাৰীৰ মিৰ্জাত যোৱা নিশা হোৱা ব্যৱসায়ী এজনক অপৰহণ কৰা কাণ্ডই দক্ষিণ কামৰূপ অঞ্চলত তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি কৰিছে। ব্যৱসায়ীক সংঘাতৰ পৰিণতি নে ধন দাবীৰ বাবেই অপহৃত হ’ল মিৰ্জাৰ ব্যৱসায়ী মুনিন্দ্ৰ তালুকদাৰ। নিশাৰে পৰা তদন্ত চলায়ো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। পলাশবাৰীত মিৰ্জাত যোৱা নিশা সংঘটিত হয় চাঞ্চল্যকৰ অপহৰণ কাণ্ডটি। নিশা প্ৰায় ন বজাত  মিৰ্জা মিলনপুৰৰ ব্যৱসায়ী মুনীন্দ্ৰ তালুকদাৰ ওৰফে মণিক বাট আগচি ধৰি কোনো দুৰ্বৃত্তই অপহৰণ কাণ্ড সংঘটিত কৰে। পলাশবাৰী থানাৰ অন্তৰ্গত মিৰ্জা চ’কত থকা নিজা ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ গৈ থকা অৱস্থাত ঘৰৰ সমীপতে বাট আগুচি ধৰি মণিক গাড়ীৰ পৰা নমাই চাৰিচকীয়া বাহনত অহা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লৈ যায়। ঘটনাস্থলীত পলাশবাৰী আৰক্ষীৰ লগতে উচ্চ পদস্থ বিষয়াই উপস্থিত হৈ এটা খালি মেগজিনো উদ্ধাৰ কৰাৰ লগতে অভিযান অব্যাহত ৰাখিছে। প্ৰশ্ন উঠিছে ব্যৱসায়ীক সংঘাতৰ পৰিণতি নে ধন দাবীৰ বাবেই অপহৃত হল মিৰ্জাৰ ব্যৱসায়ী মুনিন্দ্ৰ তালুকদাৰ। উল্লেখ্য যে প্ৰায় দুবছৰ পূৰ্বে অবৈধ গুটখাৰ  বেহাত জড়িত হৈ এইগৰাকী মুনিন্দ্ৰ তালুকদাৰে আৰক্ষীৰ হাতত ধৰা পৰি ৰঙাঘৰৰ আলহী হ’ব লগা হৈছিল। এতিয়া তদন্ত চলায়ো আৰক্ষীয়ে শুংসূত্ৰই উলিয়াব পৰা নাই। এই ঘটনাকলৈ মিৰ্জা অঞ্চলত আতংকৰ সৃষ্টি হৈছে। কোনে কিয় অপহৰণ কৰিলে সেয়া স্পষ্ট হোৱা নাই যদিও পৰিয়ালৰ লোকে  হাহাকাৰ কৰিছে। কোবৌ কাকুতি কৰিছে মুক্তিৰ বাবে। এতিয়া কোনে কিহৰ বাবে অপহৰণ কৰিলে মুনিন্দ্ৰ তালুকদাৰক তাক লৈ সৃষ্টি হৈছে নানা ৰহস্যৰ।

Leave A Reply