Breaking

সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ত খৰ্গেশ্বৰ তালুকদাৰৰ আবক্ষ মূৰ্তি উন্মোচন…

0 47

চোৱাল্লিশ বছৰীয়া আমাৰ সপোন পূৰণ হ’ল’–শ্বহীদ ভাতৃ কামেশ্বৰ তালুকদাৰ।
সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ত খৰ্গেশ্বৰ তালুকদাৰৰ আবক্ষ মূৰ্তি উন্মোচন।

‘১৯৭৯ চনৰ ১০ ডিচেম্বৰৰ দিনটোত ঘৰৰ পৰা ওলাই যোৱা আমাৰ ককাইদেউগৰাকী জীবিত অৱস্থাত আৰু ঘৰলৈ ঘূৰি নাহিল।আহিল নিঠৰ দেহ এটি হৈ। তাৰ পিছতেই ককাইদেউৰ এসময়ৰ শিক্ষাগ্ৰহণস্থলী বি এইচ বি মহাবিদ্যালয় চৌহদত ককাইদেউৰ এক আবক্ষ মূৰ্তি স্থাপনৰ চিন্তাই আমাক আমনি দি আহিছিল।কিন্তু আমাৰ সেই চিন্তাক আজি সাঁকাৰ প্ৰদান কৰিলে মহাবিদ্যালয়খনত অধ্যয়ন কৰি যোৱা একাংশ ছাত্ৰ-ছাত্ৰীয়ে।আমি হিয়া উবুৰিয়াই তেওঁলোকৰ কামৰ প্ৰশংসা কৰিছো।তেওঁলোকৰ এনে বদান্যতাৰ আমি শলাগ লৈছো।আজি আমি অজস্ৰজনৰ সম্মুখত ককাইদেউৰ আবক্ষ মূৰ্তি নিজ হাতে উন্মোচন কৰিবলৈ পাই নিজকে ধন্য মানিছো।’এই মন্তব্য ‘অসম আন্দোলন’ৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ কনিষ্ঠ ভাতৃ কামেশ্বৰ তালুকদাৰৰ।আজি সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ৰ ১৯৯২-৯৫ স্নাতক শিক্ষাবৰ্ষৰ ৩৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ গাঁঠিৰ ধন খৰছ কৰি ভৱানীপুৰৰ বিশিষ্ট ভাস্কৰ্য শিল্পী হৰেকৃষ্ণ তালুকদাৰৰ হতুৱাই নিৰ্মাণ কৰি উলিওৱা আৰু এক মাঙ্গলিক পৰিবেশৰ মাজত মূৰ্তিটো উন্মোচন কৰাৰ পিছতেই শ্বহীদ ভাতৃগৰাকীয়ে নিজৰ মনৰ অনুভৱ এনেদৰে ব্যক্ত কৰে।

আনহাতে শ্বহীদ ভাতৃগৰাকীয়ে ভৱানীপুৰ-মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পৰ্যটকসকলৰ আহ-যাহৰ বাবে নিৰ্মিত পথটি শ্বহীদগৰাকীৰ নামেৰে নামাঙ্কিত কৰাৰ ব্যৱস্থা কৰিবলৈও অনুষ্ঠানত উপস্থিত থকা ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰক আহ্বান জনায়।উল্লেখ্য,বিগত বৰ্ষৰ ৩০ এপ্ৰিল তাৰিখে মহাবিদ্যালয়খনৰ ডিজিটেল প্ৰেক্ষাগৃহত আয়োজিত এখন সহপাঠী সন্মিলনত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান ‘দৈনিক অসম’ কাকতৰ জ্যেষ্ঠ সাংবাদিক-লেখক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে মহাবিদ্যালয় চৌহদত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আবক্ষ মূৰ্তি স্থাপনৰ উদ্দেশ্যেৰে এক প্ৰস্তাৱ আগবঢ়াইছিল।সেই সময়ত উপস্থিত মহাবিদ্যালয়খনৰ একালৰ ছাত্ৰ-ছাত্ৰী সুনন্দ দাস,জুনু দেৱী,তুলিকা দাস,সঞ্জীৱ কুমাৰ তালুকদাৰ,সুনীল উজীৰ,ধঞ্জিতা দাস,লুনা চৌধুৰী, বুলু তালুকদাৰ,ড০ গৌতম চন্দ্ৰ দাস, মঞ্জু দেৱী,তপন বৰ্মন,যোগেন বৰ্মণ আৰু বিশ্ব তালুকদাৰকে আদি কৰি উপস্থিত তেতিয়াৰ দুকুৰি ছাত্ৰ-ছাত্ৰীয়ে প্ৰস্তাৱটোলৈ আনন্দেৰে সমৰ্থন আগবঢ়াইছিল।ইয়াৰ পিছতেই মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ তথা ‘অসম আন্দোলন’ৰ সৈতে একালত জড়িত ড০ নয়নজ্যোতি দাসে মূৰ্তি স্থাপনৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছিল।আনহাতে মহাবিদ্যালয়খনৰ একালৰ ছাত্ৰ ধ্ৰুৱজ্যোতি দাসে আঁত ধৰা অনুষ্ঠানত স্থানীয় বিধায়ক ফণীধৰ তালুকদাৰে শ্বহীদ ভাতৃগৰাকীয়ে জনোৱা আহ্বানলৈ সঁহাৰি জনাই ‘আজিৰে পৰাই পথছোৱাৰ নাম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ পথ’ হিচাপে নামাঙ্কিত কৰিবলৈ হাতে-কামে তেওঁ লাগি পৰিব বুলি জানিবলৈ দিয়ে।শ্বহীদগৰাকীৰ আবক্ষ মূৰ্তি উন্মোচনৰ আজিৰ দিনটোক তেওঁ ‘ঐতিহাসিক দিন’ হিচাপেও আখ্যায়িত কৰে।বিধায়ক গৰাকীয়ে শ্বহীদগৰাকীৰ আবক্ষ মূৰ্তিৰ সম্মুখত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভও কৰে।দিনৰ প্ৰায় চাৰে এঘাৰ বজাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ নয়নজ্যোতি দাসৰ দ্বাৰা স্মৃতি তৰ্পণ কাৰ্যসূচীৰে আৰম্ভ হোৱা আজিৰ অনুষ্ঠানত অধ্যক্ষ গৰাকীয়েও তেওঁৰ নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে।তেওঁ কয়–খৰ্গেশ্বৰ তালুকদাৰৰ আবক্ষ মূৰ্তি স্থাপনক লৈ আমি উৎসাহী আছিলো।নিজেই তেতিয়াৰ ছাত্ৰ সংগঠনৰ সৈতে জড়িত হৈ আহি আজি বিদ্যায়তনিক দিশৰ সৈতে জড়িত হৈ আছো।খৰ্গেশ্বৰ তালুকদাৰে পঢ়া মহাবিদ্যালয়খনত শ্বহীদগৰাকীৰ এটাও আবক্ষ মূৰ্তি নথকা কথাটোৱে আমাক দুখ দিছিল।

এনে মহান সংকল্প কাৰ্যকৰী কৰাৰ বাবে আমি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকললৈ ধন্যবাদ জ্ঞাপন কৰিছো।প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক মহাবিদ্যালয়খনৰ উত্তৰোত্তৰ উন্নতিৰ ক্ষেত্ৰত ভৱিষ্যতলৈও জড়িত হোৱাৰ তেওঁ আহ্বান জনায়।তদুপৰি আজিৰ অনুষ্ঠানৰ আঁত ধৰোতা ধ্ৰুৱজ্যোতি দাসে আগন্তুক ‘শ্বহীদ দিৱস’ মহাবিদ্যালয়খনতে ৰাজহুৱাভাবে অনুষ্ঠিত কৰাৰো প্ৰস্তাৱ আগবঢ়ায়।মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে তেওঁৰ মনৰ অনুভৱ ব্যক্ত কৰি ‘খৰ্গেশ্বৰ তালুকদাৰক অসমীয়া জাতীয় জীৱনৰ এক সত্বা’ হিচাপে অভিহিত কৰে।তেওঁৰে সৈতে সতীৰ্থসকলে সম্পন্ন কৰা এই কামে তেওঁলোকক জীৱনজুৰি আনন্দদান কৰিব বুলিও তেওঁ মন্তব্য কৰে।অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক বিজন বায়নে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ নয়নজ্যোতি দাসৰ বদান্যতাৰ শলাগ লয় আৰু অধ্যক্ষগৰাকীৰ উদ্দেশ্যে যুগুত কৰি অনা এখনি অভিনন্দন পত্ৰ পাঠ কৰাৰ পিছতে অধ্যক্ষগৰাকীৰ হাতত অৰ্পণ কৰে।অনুষ্ঠানত বিশিষ্ট ভাস্কৰ্য শিল্পী হৰেকৃষ্ণ তালুকদাৰেও তেওঁৰ নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে। অনুষ্ঠানত অসম আন্দোলনৰ নিৰ্যাতিত প্ৰবীণ শৰ্মাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহক সদস্য দীপক ঠাকুৰীয়া সমন্বিতে কেইবাগৰাকীকো গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।আজিৰ অনুষ্ঠানত কিশোৰী শিল্পী চবনমা ইয়াছমিন ৰহমানে শিল্পী গপাংক দাস আৰু চন্দন দাসৰ সহযোগত কণ্ঠ নিগৰোৱা ‘শ্বহীদ প্ৰণামো তোমাক/লুইতৰ পাৰৰে তুমি ডেকা ল’ৰা/তুমিয়েতো বুকু পাতি দিলা…’ শীৰ্ষক ভূপেন্দ্ৰ সংগীতটিত কণ্ঠ নিগৰাই অনুষ্ঠানটো আবেগমধুৰ কৰি তোলা পৰিলক্ষিত হয়।

Leave A Reply