উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্রখনৰ অধিক বিকাশৰ অৰ্থে গঠিত অন্যতম আগশাৰীৰ অনুষ্ঠান “নৰ্থ-ইষ্ট বিগ কালচাৰেল চ’ছাইটি”য়ে আগবঢ়োৱা “সাহিত্য সাধক” খিতাপ লাভ কৰি বাক্সা জিলাৰ মুছলপুৰ মহকুমালৈ গৌৱৰ কঢ়িয়াই আনিছে মহকুমাটোৰ ৰামপুৰ নিবাসী তথা কবি গৌতম ৰাভাই৷ “নৰ্থ-ইষ্ট বিগ কালচাৰেল চ’ছাইটি”ৰ সভাপতি গগণাষ্টম গগৈৰ পৌৰহিত্যত অলপতে মহানগৰীৰ দিশপুৰস্থিত পি ডব্লিউ ডি প্ৰেক্ষাগৃহত অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত গৌতম ৰাভাক উক্ত খিতাপ প্ৰদান কৰাৰ লগতে সংস্থাটোৱে আগবঢ়োৱা তৃতীয় বাৰ্ষিক নেতাজী সুভাষ চন্দ্ৰ বসু ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়৷
উল্লেখযোগ্য যে বাক্সাৰ যুগসম্ভৱা কবি গৌতম ৰাভা একেধাৰে কবি,সাহিত্যিক,আবৃত্তিকাৰ আৰু এগৰাকী সুদক্ষ অভিনেতা। বৰ্তমানলৈকে গৌতম ৰাভাৰ প্ৰকাশিত গ্ৰন্থ সমূহ হৈছে “সৰি পৰা ফুল”, “যৌৱনে আমনি কৰে”, “নদী হৈ সাগৰ বিচাৰি”, “শুকুলা মেঘৰ আঁৰে আঁৰে” ইত্যাদি। আনহাতে প্ৰকাশৰ পথত সাজু হৈ উঠিছে কাব্য গ্ৰন্থ “এপাহি ফুলৰ মৰম” ৷ ৰাভাই নৰ্থ-ইষ্ট বিগ কালচাৰেল চ’ছাইটিৰ এই বঁটা ঘোষণা কৰাৰ পিছত মুছলপুৰ মহকুমাৰ সাহিত্যানুৰাগী সকলৰ মাজত আনন্দৰ বন্যা নামি আহে। অবিভক্ত নলবাৰী তথা বৰ্তমানৰ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ ৰামপুৰ গাঁওত ১৯৫৮ চনৰ ১ মে’ত জন্ম গ্ৰহণ কৰা প্ৰয়াত গৌৰীকান্ত ৰাভা আৰু প্ৰয়াত পদুবালা ৰাভাৰ জ্যেষ্ঠ পুত্ৰ গৌতৰ ৰাভা অসম চৰকাৰৰ ৰাজহ বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ লগতে অসম সাহিত্য সভাৰো আজীৱন সভ্য ৷
বিগত চাৰিটা দশক জুৰি সাহিত্য চৰ্চা কৰি অহা গৌতম ৰাভাই লিখা কবিতা সমূহ অসমৰ আগশাৰীৰ প্ৰায়বোৰ কাকত-আলোচনীতে প্ৰকাশ হৈ আহিছে। নিৰৱচ্ছিন্নভাৱে সাহিত্য চৰ্চা অব্যাহত ৰখা গৌতম ৰাভাক নেতাজী সুভাষ চন্দ্ৰ বসু ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ বাবে অসম সাহিত্য সভাৰ সম্পাদক দামোদৰ তালুকদাৰ, বাক্সা জিলা সাহিত্য সভা, বাক্সা জিলা সাংবাদিক সন্থা, জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ বাক্সা জিলা সমিতি, বাস্কা আঞ্চলিক ছাত্ৰ সন্থা, মুছলপুৰ প্ৰেছ ক্লাবকে আদি কৰি বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰিছে।