Breaking

অতীত হ’ব নেকি ৰোহিতৰ পুল শ্বট!

0 2,031

ৰোহিত শৰ্মা মানে পুল শ্বটৰ ৰজা। বিশ্বৰ বহু তাৰকা পেচাৰে ৰোহিতক নিয়ন্ত্ৰণ কৰিবলৈ বাউঞ্চাৰ প্ৰক্ষেপ কৰা দেখা যায়। কিন্তু অনিৰুদ্ধ ৰোহিতে সেই বাউঞ্চাৰকো একাধিক বাৰ বাউণ্ডেৰীৰ সিপাৰলৈ পঠিওৱা দেখিবলৈ পোৱা গৈছে। পাছে এইবাৰ ৰোহিত শৰ্মাক সুনীল গাভাস্কাৰে তেওঁৰ প্ৰিয় পুল শ্বট খেলিবলৈ বাধা দিছে। মোহালীত সুন্দৰ ছন্দত থকা ৰোহিতে পুল শ্বট খেলিবলৈ গৈ আউট হোৱাৰ পাছতে এই মন্তব্য ভাৰতৰ প্ৰাক্তন অপেনাৰ সুনীল গাভাস্কাৰৰ। টেষ্ট খেলৰ আৰম্ভণিতে পুল শ্বট খেলিবলৈ ৰোহিতক বাধা দিছে গাভাস্কাৰে। ৰোহিতক উদ্দেশ্যি তেওঁ কয়, ‘ৰোহিতে এই বিষয়ে চিন্তা কৰা উচিত। কোনোবাই প্ৰয়োজনীয় শ্বট বুলি তেওঁক প্ৰশংসা কৰিব পাৰে কিন্তু তেওঁ মনত ৰখা উচিত যে, এইটো প্ৰয়োজনীয় শ্বট নহয়। ৰোহিতৰ হাতত বিকল্প বহু শ্বট আছে।

যিসকল বলাৰে দ্ৰুত গতিত বল কৰিব পাৰে তেওঁলোকে ৰোহিতৰ বিৰুদ্ধে এই অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিবই। দুই চাৰিটা বাউণ্ডেৰী বা অ’ভাৰ বাউণ্ডেৰী মাৰিলেও যিকোনো মুহূৰ্ততে উইকেট হেৰুৱাবলগীয়া হ’ব পাৰে তেওঁ।’ স্মৰ্তব্য যে, ৰোহিতে মোহালীত ২৮ টা বলত ২৯ ৰান কৰি আউট হৈছিল। যোৱা ৪খন টেষ্টত প্ৰথমবাৰৰ বাবে ৰোহিতে অৰ্ধ-শতকৰ ঘৰ স্পৰ্শ কৰিব পৰা নাই। গাভাস্কাৰে কয়, ‘ৰোহিতৰ কথাবোৰ ভবা উচিত। যদি তেওঁ ভাবে যে ফলাফল তেওঁৰ পক্ষত আছে, তেন্তে পুল শ্বট খেলাত কোনো বাধা নাই। কিন্তু যদি ভাবে যে ফলাফল তেওঁৰ পক্ষত নাই তেতিয়া ৰোহিতে ৮০,৯০ বা ১০০ ৰান কৰাৰ আগতে এই শ্বট খেলিব নালাগে।’ এতিয়া সুনীৰ গাভাস্কাৰৰ কথাক কিদৰে গ্ৰহণ কৰিব ৰোহিতে? ৰোহিতৰ বেটৰ পৰা আৰু নাহিব নেকি আকৰ্ষণীয় পুল শ্বট? সেয়া সময়তহে হ’ব লক্ষ্যণীয়!

Leave A Reply