Breaking

বিদায় কে কে……পঞ্চভূতত বিলীন হ’ল কে কেৰ পাৰ্থিৱ শৰীৰ।হাম ৰহে য়া না ৰহে কল..কল য়াদ আয়েংগে য়ে পল’….

0 721

বিদায় কে কে……পঞ্চভূতত বিলীন হ’ল কে কেৰ পাৰ্থিৱ শৰীৰ।অজানা দেশলৈ গুচি গ’ল কে কে।’হাম ৰহে য়া না ৰহে কল..কল য়াদ আয়েংগে য়ে পল’….পঞ্চভূতত বিলীন হ’ল গায়ক কে কেৰ পাৰ্থিৱ শৰীৰ।চিৰদিনৰ বাবে এই পৃথিৱীখন এৰি অজানা দেশলৈ গুচি গ’ল কে কে।কণ্ঠশিল্পীগৰাকীৰ অন্তিম সংস্কাৰ ২ মে’ত মুম্বাইৰ ভাৰছোভা শ্মশান ঘাটত সম্পন্ন কৰা হয়।

কে কেৰ পুত্ৰ নকুলে তেওঁৰ দেউতাকৰ মুখাগ্নি কৰি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ ৰীতি-নীতি সম্পূৰ্ণ কৰে।গায়কজনক অন্তিম দৰ্শনৰ বাবে তেওঁৰ ঘনিষ্ঠ বন্ধু আৰু বলীউড উদ্যোগৰ তাৰকাসকল উপস্থিত হয় আৰু তেওঁক সেমেকা চকুৰে বিদায় জনায়।কেকেৰ আকস্মিক মৃত্যুক এতিয়াও সহজভাৱে ল’ব পৰা নাই অনুৰাগীসকলে।বুজাব নোৱাৰা এবুকু দুখ আৰু সেমেকা চকুৰে সকলোৱে শেষ বিদায় জনায় প্ৰিয় শিল্পীগৰাকীক।

কে কে শাৰীৰিকভাৱে হে আমাৰ মাজত নাই কিন্তু তেওঁৰ গীতৰ জৰিয়তে সদায় আমাৰ হৃদয়ত জীয়াই থাকিব বুলি প্ৰতিজন সংগীতপ্ৰেমীয়ে অনুভৱ কৰিছে।

Leave A Reply