Breaking

লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী কৰা হ’ব কাঃ অমিত শ্বাহৰ ঘোষণা…

0 17

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ সজীব হৈ পৰিছে কাৰ প্ৰসংগ। কেন্দৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে নাগৰিকত্ব সংশোধনী আইন (চিএএ) সন্দৰ্ভত এটা ডাঙৰ ঘোষণা কৰে। তেওঁ কয় যে কা কাৰ্যকৰী কৰাৰ অধিসূচনা লোকসভা নিৰ্বাচনৰ আগতে জাৰি কৰা হ’ব। অমিত শ্বাহে ইয়াৰ পূৰ্বেও দেশত কা বলবৎ কৰা হ’ব বুলি বহুবাৰ ঘোষণা কৰিছিল। যোৱা বছৰ ডিচেম্বৰ মাহত তেওঁৰ বংগ ভ্ৰমণৰ সময়ত দাবী কৰিছিল যে কোনেও কাৰ কাৰ্যকৰীকৰণ বন্ধ কৰিব নোৱাৰে। গৃহমন্ত্ৰীৰ বক্তব্যৰ পিছতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অভিযোগ কৰিছিল যে অমিত শ্বাহে কাৰ বিষয়ে মানুহক বিপথে পৰিচালিত কৰি আহিছে।চৰকাৰে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু এই পদক্ষেপৰ বেছিভাগ কাম মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালত সম্পূৰ্ণ হ’ব বুলি শ্বাহে মন্তব্য কৰিছে। একে সময়তে এক ৰাষ্ট্ৰ, এক নিৰ্বাচন সন্দৰ্ভত চলি থকা আলোচনাৰ বিষয়তো তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ বাবে ৰামনাথ কোবিন্দ সমিতি গঠন কৰিছে। সমিতিয়ে লোকসভা নিৰ্বাচন ২০২৪ ৰ পূৰ্বে মাৰ্চ মাহত এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিব।

এই মাহৰ আৰম্ভণিতেও শ্বাহে কৈছিল যে লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ আগতে কাৰ নিয়মসমূহৰ বিষয়ে জাননী প্ৰকাশ কৰা হ’ব। ইয়াৰ জৰিয়তে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা প্ৰব্ৰজনকাৰী সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক নাগৰিকত্ব প্ৰদান কৰা হ’ব। কাৰ অধীনত নাগৰিকত্ব প্ৰদানৰ বাবে গৃহ মন্ত্ৰালয়ৰ দ্বাৰা এটা অনলাইন প্ৰণালী প্ৰবৰ্তন কৰাৰ কথাও চিন্তা কৰা হৈছে। উল্লেখ্য বংগত অমিত শ্বাহে কৈছিল ‘নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হোৱাত কোনেও বাধা দিব নোৱাৰে’৷ তেওঁ মমতা বেনাৰ্জীৰ বিৰুদ্ধে আইন খনকলৈ বিভ্ৰান্তিকৰ পৰিবেশৰ সৃষ্টি কৰা বুলিও অভিযোগ উত্থাপন কৰিছিল৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগ ভ্ৰমণৰ সময়ত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত বিজেপিৰ স্থিতি পুনৰবাৰ স্পষ্ট কৰিছিল৷ তেওঁ কৈছিল “নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাটো বিজেপিৰ প্ৰতিশ্ৰুতিৰ অংশ’’। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে নাগৰিকত্ব সংশোধনী আইন (চিএএ) ৰূপায়ণ কোনেও বন্ধ কৰিব নোৱাৰে, কিয়নো ই দেশৰ আইন। তেওঁ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিষয়টোত মানুহক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ৰাষ্ট্ৰীয় পুথিভঁৰালত ৰাজ্যিক বিজেপিৰ ছ’চিয়েল মিডিয়া আৰু আইটি শাখাৰ সদস্যসকলৰ এক ৰুদ্ধদ্বাৰ বৈঠকত ভাষণ দি শ্বাহে কৈছিল যে কা ৰূপায়ণ হৈছে দলটোৰ প্ৰতিশ্ৰুতি।


অমিত শ্বাহে বিশ্বাস ব্যক্ত কৰি আহিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনৰ ৪২ খন লোকসভা আসনৰ ভিতৰত ৩৫ খনতকৈ অধিক আসন লাভ কৰিব। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত, বিজেপিয়ে ১৮ খন আসন লাভ কৰিছিল।
উল্লেখ্য নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ে মোদীয়েই হওঁক বা শ্বাহেই হওঁক, বংগ প্ৰতিবাৰেই মমতাক আক্ৰমণৰ লক্ষ্য কৰি আহিছে৷ মূলতঃ বংগৰ হিন্দু বঙালী ভোটাৰক আকৃষ্ট কৰাৰ বাবেই বিজেপিয়ে বংগত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগটো সঘনাই উচ্চাৰণ কৰি আহিছে বুলি ৰাজনৈতিক বিশেষজ্ঞ মহলে ধাৰণা কৰিছে৷ ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগৰ ধৰ্মতলাত এক ৰেলীত চিএএৰ বিষয়টো উত্থাপন কৰি মমতা নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল। শ্বাহে মমতাক প্ৰত্যাহ্বান জনাই কৈছিল যে সংশোধিত নাগৰিকত্ব আইন সমগ্ৰ দেশৰে আইন। বংগ চৰকাৰে এই আইন ৰূপায়ণ কৰাটো বন্ধ কৰিব নোৱাৰে। বিজেপিয়ে পূৰ্বে ২০১৯ ৰ লোকসভা নিৰ্বাচনত নাগৰিকত্বৰ সংশোধনী আইন প্ৰযোজ্য কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ বিজেপি ক্ষমতালৈ অহাৰ পিছত আইনখন সংসদতো গৃহীত হৈছিল। কাৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদ হৈছিল। তাৰ পিছত সংশোধিত নাগৰিকত্ব আইন কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে, আইনখন কৰোনা মহামাৰীৰ অজুহাতত কাৰ্যকৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল।

Leave A Reply