কাছাৰত গুটকা খাই প্ৰাণ গ’ল এজন আৰক্ষী বিষয়াৰ । Cachar Assam Police

২৩ জুন:Cachar Assam Police । কাছাৰত এগৰাকী আৰক্ষী বিষয়াৰ শোকাৱহ মৃত্যু। গুটখা সেৱনৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যু অসম আৰক্ষী বিষয়াৰ।পেকেটেৰে ঢালি দিওঁতে ডিঙিত লাগি ধৰিছিল গুটখা। ঘটনাৰ বিৱৰণ মতে ,কাছাৰৰ বিহাৰা আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঙিয়াৰ সুৰজিৎ ডেকাক বাৰে বাৰে ফোন কৰিও উত্তৰ নোপোৱাত তেওঁক বিচাৰি যোৱাত কোঠাত অচেতন অৱস্থাত উদ্ধাৰ হয়। কাছাৰ জিলাৰ বিহাৰা আৰক্ষী আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰজিৎ ​​ডেকাক নিজৰ কোৱাৰ্টাৰৰ দুৱাৰ ভাঙি অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়।

তড়িঘড়ি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও বচাব পৰা নগল। চিকিৎসকে মৃত ঘোষণা কৰে। ডেকাৰ মৃত্যুৰ কাৰণ কোনেও সঠিককৈ ক’ব পৰা নাই।
চিকিৎসকৰ মতে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ ৰহস্য পোহৰলৈ আহিব।

কালাইন থানাৰ বিষয়া মিৰাজ দলেক এই সন্দৰ্ভত সোধাত তেওঁ কয় যে, মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ কাৰণ জানিব পৰা যাব।ইফালে স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, গুটকাই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ প্ৰাণ কাঢ়ি নিছে।ইফালে, ঘটনাৰ পিছত তেওঁক আউটপোষ্টৰ দায়িত্বত থকা আৰক্ষীয়ে বিক্ৰমপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱাৰ লগে লগে আন এক ঘটনা সংঘটিত হয়। চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া মঞ্জুৰুল হকে অক্সিজেন চিলিণ্ডাৰ ফিট কৰিব নাজানে বুলি অভিযোগ উত্থাপিত হৈছে। ইয়াৰ ফলত অক্সিজেন নোহোৱাকৈ শিলচৰ মেডিকেল কলেজ হস্পিতাললৈ যাব লগা হৈছে। চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে মৃত্যু হয় চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী। প্রশ্ন হ’ল ৰাজ্যৰ মুখ্যমন্ত্রীয়ে এটাৰ পাছত আনটো স্বাস্থ্যকেন্দ্র স্থাপন কৰি আছে৷ স্বাস্থ্য সেৱাৰ নতুন ৰূপত ব্যস্ত থকা এই অপৰিপক্ক চিকিৎসকগৰাকীৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয়। বিপদৰ সময়ত যদি কোনো চিকিৎসকে অক্সিজেন যোগান ধৰি ৰোগীৰ জীৱন ৰক্ষাৰ সামান্যতম চেষ্টা নকৰে তেন্তে এই স্বাস্থ্যকেন্দ্ৰবোৰৰ কি হ’ব বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।

Related Articles