মৃত্যুঞ্জয় বাহন কৰ্মচাৰীৰ চাকৰি সুনিশ্চিত কৰা আৰু দৰমহা বৃদ্ধিৰ বাবে আহ্বান

জৰুৰী কালীন এম্বুলেঞ্চ সেৱা ১০৮ ৰ লগত জড়িত কৰ্মচাৰীৰ চাকৰীৰ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৰাইজ। ২০০৮ চনৰ পৰা ২০২১ চন অৰ্থাৎ আজি প্ৰায় ১২ বছৰে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে চৰকাৰি কৰ্মচাৰীসকলৰ লগত খোজত-খোজ মিলাই প্ৰায় ৩ হাজাৰ ই.এম.টি.ই.আৰ.অ আৰু চালকে জনসাধাৰণক যি কোনো বিপদ শংকুল জৰুৰী কালীন সময়ত দিনে-ৰাতিয়ে মৃত্যুঞ্জয় সেৱা আগবঢ়াই চৰকাৰৰ স্বাস্থ্য বিভাগৰ হৈ অগ্ৰগণী ভুমিকা পালন কৰি আহিছে। একেদৰে জামুগুৰি স্বাস্থ্যকেন্দ্ৰৰ ১০৮ এম্বোলেঞ্চৰ সহকৰ্মি নৱজ্যোতি ভূঞা আৰু সমৰজ্যোতি হাজৰিকাই অঞ্চলটোত প্ৰতিটো মূহূৰ্তত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই আহিছে। দুইয়োগৰাকীয়ে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে খৱৰ পোৱা মাত্ৰেই ৰোগীৰ কাষত উপস্থিত হয় আৰু প্ৰয়োজন সাপেক্ষে ৰোগীক নিজে তুলি আনি চিকিৎসালয়লৈ অনাৰ দৃশ্য দেখিবলৈ পোৱা যায়।যোৱাকালি জামুগুৰিহাটস্থিত সংগীয়া মাজৰ চুক গাঁৱৰ এগৰাকী বৃদ্ধ কলিয়া কলিতা (৮৫) নামৰ ৰোগী গৰাকীৰ পৰিয়ালত কোনো নথকাত দুইয়ো গৰাকী কৰ্মচাৰীয়ে নিজে ১০৮ ত তুলি চিকিৎসালয়লৈ আনি দ্বায়িত্ব আৰু কৰ্তব্যৰ নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে। আনকি বৰ্তমান ক’ভিড পৰিস্থিতিৰ মাজতো এই সকল কৰ্মচাৰীয়ে অসমৰ জনসাধাৰণৰ কাষত অহৰহ থিয় হৈ বিনা দিধাই অক্লান্ত পৰিশ্ৰমৰে ক’ভিড ৰোগীক সৰ্ব প্ৰথমে আৰু প্ৰত্যক্ষ ভাবে এই সেৱা আজিও প্ৰদান কৰি আছে। অতি পৰিতাপৰ বিষয়টো হল এই সকল কৰ্মচাৰী এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ দ্বাৰা নিয়োজিত হোৱা হেতুকে অসমৰ শ্ৰম বিভাগে নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি নিম্নতম হাৰতেই দা-দৰমহা লাভ কৰি নিজ পৰিয়ালক বহু ঘাত প্ৰতিঘাতৰ মাজেৰে পোহ-পাল দিবলগীয়া হৈছে। এই দৰমহাৰ ধনৰাশিৰ ওপৰত ভিত্তি কৰি কৰ্মচাৰী সকলক বেংক আদিৰ তৰফৰ পৰা লোন দিয়াতো নহয়েই লগতে চাকৰি কৰাৰ বাবেই অসম চৰকাৰৰ আচনি সমুহৰ পৰাও বঞ্চিত কৰি ৰখা হৈছে।  

Related Articles