ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় সকলক নিজৰ তথ্য দিবলৈ আহ্বান

ইউক্ৰেইন-ৰাছিয়া যুদ্ধই আজি ১১ দিনত ভৰি দিছে। ইউক্ৰেইনত এতিয়াও বহু ভাৰতীয় নাগৰিক আৱদ্ধ হৈ আছে। যি সকল ভাৰতীয় নাগৰিক আৱদ্ধ হৈ আছে সেই সকলক উদ্ধাৰৰ বাবে অতি শীঘ্ৰেই ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে তেওঁলোকৰ বিৱৰণ দিবলৈ আহ্বান জনাইছে।ইউক্ৰেইনত থকা ভাৰতীয় দূতাবাসে টুইটাৰত এখন প্ৰপত্ৰ শ্বেয়াৰ কৰি আৱদ্ধ ভাৰতীয় নাগৰিকসকলক সঠিক ভাৱে তেওঁলোকক পূৰণ কৰিবলৈ কৈছে।ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক ৰোমানিয়া, হাংগেৰী, শ্লোভাকিয়া আৰু পোলেণ্ডৰ দৰে চুবুৰীয়া দেশৰ পৰা বিমানেৰে ওভতাই আনিছে।

Related Articles