Breaking

হিন্দু-বাঙালীক ‘কা’ আইন বিৰোধিতা কৰাৰ আহ্বান !জাতি বিৰোধী কা’ আইনে ৰাষ্ট্ৰীহীন কৰিব বাঙালীকঃ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যন…

0 16

হিন্দু-বাঙালীক ‘কা’ আইন বিৰোধিতা কৰাৰ আহ্বান

জাতি বিৰোধী কা’ আইনে ৰাষ্ট্ৰীহীন কৰিব বাঙালীকঃ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যন।

লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত নাগৰিকত্ব সংশোধনী আইন (কা) বলৱৎ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে  ঘোষণাৰ পাছত আজি বিতৰ্কিত অসম তথা অসমীয়া-বাঙালী জাতি ধ্বংসী কা’ ৰ বিৰুদ্ধে সৰৱ হৈ উঠে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সভাপতি দীপক দে। নেতাগৰাকীয়ে এক ভিডিঅ’বাৰ্তাৰ যোগে কয় – কা আইনৰ জৰিয়তে যদি অসমৰ কোনো হিন্দু-বাঙালীৰ নাগৰিকত্বৰ প্ৰয়োজন নাই। অসমৰ বাঙালীক কা আইন নেলাগে কাৰণ আমি ভাৰতীয় নাগৰিক। যুগ যুগ ধৰি অসমত বসবাস কৰি থকা মুলসূঁতিৰ বাঙালী লোকক এই কা আইনে ৰাষ্ট্ৰীহীন কৰাৰ লগতে বিদেশী নাগৰিক হিচাপে গণ্য কৰিব। যাৰ ফলত ৬০-৭০ বছৰ ধৰি অসমৰ বায়ু পানীৰ সৈতে মিহলি সাতামপুৰুষীয়া ভ্ৰাতৃত্ববোধৰ মাজত জীয়াই থকা বাঙালী লোকক টাৰ্গেট কৰা হৈছে এই কা আইনৰ জৰিয়তে। কা’ আইনে অসমৰ বাঙালী লোকক অপমান কৰাৰ ওপৰিও ভৱিষ্যত ধ্বংস কৰিব, কলা আইনে হিন্দু-বাঙালীক বিদেশী সজোৱাৰ কু-চক্ৰান্ত। বৃহৎ ক্ষতিগ্ৰস্ত কৰা হ’ব বাঙালী।

গতিকে হিন্দু-বাঙালী সকলে বাঙালী বিৰোধী কা আইনৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিবলৈ তেওঁ আহ্বান জনায়। নেতাগৰাকীয়ে আৰু কয় যে বাঙালীক কা নহয় অধিকাৰ লাগে। ১৯৭১ চনৰ পূৰ্বেৰ সকলো বাঙালীক সুৰক্ষা দিয়ক, এন আৰ চি ত নাম অন্তৰ্ভুক্ত কৰক। বসুন্ধৰা আঁচনিৰ জৰিয়তে ভূমি-পট্টা প্ৰদান কৰক। এই দাবী সমূহ লৈ অসমত আন্দোলন তীব্ৰ ভাবে গঢ়ি তুলিবলৈ আহ্বান জনায়।বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে অসমৰ হিন্দু-বাঙালীৰ সমস্যাৰ বাবে দীৰ্ঘ দিনৰ পৰাই আন্দোলন কৰি আহিছে আৰু কৰি যাব। জাতিৰ স্বাৰ্থত গঠিত এই সংসগঠন কোনো জাতি অথবা ৰাজনৈতিক দলৰ বিৰোধী নহয়। ভাৰতবৰ্ষৰ ইতিহাসত সকলোতকৈ প্ৰতাৰিত আৰু লাঞ্চিত-বঞ্চিত হৈছে হিন্দু-বাঙালী লোক। দেশ বিভাজন, বঙ্গ-ভঙ্গ বা বাংলাদেশৰ জন্মে ই হওঁক। সৰ্বদিশত ক্ষতিগ্ৰস্ত হৈছে এই বাঙালী ।

ভাৰত স্বাধীনতা আন্দোলনৰ পাছৰ পৰা বৰ্তমানলৈ কোন ৰাজনৈতিক দলে বাঙালী সকলক একো দিয়া নাই যদি দিছে তেন্তে প্ৰতেৰণা, বঞ্চনা।  অসমত কংগ্ৰেছ-বিজেপিৰ চৰকাৰ আনিবলৈ যথেষ্ট পৰিমাণে অৱদান আগবঢ়াই আহিছে বাঙালীয়ে কিন্তু তাৰ পৰিবৰ্তে বাঙালীক কেৱল বঞ্চনা প্ৰতাৰণা পাই আহিছে। ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বৰ নথি পত্ৰ থকাৰ পাছতো এন আৰ চিৰ পৰা চক্ৰান্তমুলক ভাবে বহু নাম কৰ্তন কৰি ৰাষ্ট্ৰীহীন কৰাৰ চক্ৰান্ত কৰা হৈছে। ঠিক তেনেদৰে কা আইন অসমত প্ৰয়োগ কৰি মুলসূঁতিৰ হিন্দু-বাঙালীক অসমৰ পৰা খেদি পঠোৱাৰ গভীৰ সৰষন্ত্ৰ কৰা হৈছে। বাঙালী ৰাইজক এই বাঙালী জাতি বিৰোধী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ তেওঁ আহ্বান জনাই।

শম্ভু দাস চিলাপথাৰ

Leave A Reply