Breaking

ডায়েবেটিছ ৰোগীয়ে কণী খাব পাৰেনে ? জানি লওক…

0 101

ডায়েবেটিছ ৰোগীয়ে কি কি খাব পাৰে আৰু কি কি খাব নোৱাৰে এই বিষয়ে বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন হয়। আজি আমি আপোনালোকক জনাম ডায়েবেটিছ ৰোগীয়ে কণী খাব পাৰেনে? আমেৰিকান ডায়েবেটিছ এছ’চিয়েচন আৰু অন্যান্য স্বাস্থ্য সংস্থাৰ মতে সীমিত পৰিমাণত কণী খোৱাৰ ফলত হৃদৰোগ স্বাস্থ্যৰ ওপৰত কোনো প্ৰভাৱ নপৰে। যদি এই ৰোগৰ চিকিৎসা সঠিক সময়ত কৰোৱা নহয়, তেন্তে ই মৃত্যুৰ কাৰণো হ’ব পাৰে।

বিশেষকৈ ডায়েবেটিছ ৰোগীয়ে মিঠা খোৱাত নিষেধাজ্ঞা আৰোপ কৰা হয়। বেছিভাগ ডায়েবেটিছ ৰোগীয়ে কণী খোৱা দেখা যায়। কোৱা হয় যে কণীত ১০ টা প্ৰয়োজনীয় এমিনো এচিডৰ ভিতৰত ৯ টা এমিনো এচিড থাকে, যিয়ে উন্নত স্বাস্থ্য বজাই ৰখাৰ কাম কৰে। কণীৰ দ্বাৰা যথেষ্ট পৰিমাণৰ পুষ্টি লাভ কৰা হয়। ইয়াত বহুতো ভিন্ন প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে, যেনে প্ৰটিন, ভিটামিন ডি, বি ১২, বি ৬, কেলচিয়াম, ফলেট, ৰাইবোফ্লেভিন, জিংক আৰু আইৰণ।

ইমানবোৰ পুষ্টিকৰ উপাদানৰ উপস্থিতিৰ বাবে কণী বেছিভাগ মানুহেই খায়, আনকি ডায়েবেটিছ ৰোগীয়েও কণী খাই। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ডায়েবেটিছ ৰোগীয়ে কণী খোৱা উচিত নে। বহু গৱেষণাৰ পৰা দেখা গৈছে যে কণী খোৱাৰ ফলত তেজত শৰ্কৰাৰ মাত্ৰাত কোনো বিৰূপ প্ৰভাৱ নপৰে। কণীত কলেষ্টেৰলৰ পৰিমাণ বেছি। মুঠতে ডায়েবেটিছ ৰোগীয়ে কণী সেৱন কৰিব পাৰে। কাৰণ ইয়াত কাৰ্বহাইড্ৰেট কম পৰিমাণে থাকে আৰু ভিটামিন, খনিজ পদাৰ্থ, প্ৰটিন অধিক পৰিমাণে থাকে। অৱশ্যে ডায়েবেটিছ ৰোগে অতিৰিক্তভাৱে কণী সেৱনৰ পৰা বিৰত থাকিব লাগে।

Leave A Reply