Breaking

অধিনায়ক অমন্তিকা মুণ্ডাৰ অৰ্ধশতকৰ সহায়ত মিজোৰামৰ বিৰুদ্ধে অসমৰ জয়লাভ

0 66

মহিলাৰ ১৯ বছৰ অনূৰ্দ্ধ এদিনীয়া ক্ৰিকেটত অসমে প্ৰথম দুয়োখন মেচতে জয়লাভ কৰিছে । অন্ধ্ৰপ্ৰদেশৰ ভিজিয়ানগৰমত ৮ অক্টোবৰ, দেওবাৰে প্ৰথম মেচত অসমে বিহাৰক ৭ উইকেটত পৰাস্ত কৰাৰ পাছত মঙলবাৰে মিজোৰামক ৭৮ ৰাণত হৰুৱায় । মেচখনত প্ৰথমে বেট ধৰি অসমে নিৰ্ধাৰিত অভাৰত ২৩৬ ৰাণ কৰে । অসমৰ হৈ প্ৰথম মেচত অপৰাজিত ৮৩ ৰাণ কৰা

অধিনায়ক অমন্তিকা মুণ্ডাই ৬৯ ৰাণ কৰে । ৬৭ টা বলৰ বোকাখাতৰ এই খেলুৱৈগৰাকীৰ ইনিংছটোত আছিল ১ টা ছিক্সাৰ আৰু ১০ টা বাউণ্ডেৰীৰ সমাহাৰ । তেওঁৰ উপৰি জ্ঞানশ্ৰী বৰ্মনে ৪০ আৰু স্নেহা সিনহাৰ বেটৰ পৰা আহে ৩০ ৰাণ । ৰূপশ্ৰী শ‌ইকীয়া‌ই ১৪ আৰু স্বস্তিকা গগৈয়ে ১২ ৰাণ যোগ দিয়ে । বলিঙত মিজোৰামৰ জোথাম ছাংগীয়ে ৩ টা উইকেট লাভ কৰে ।

জয়ৰ বাবে ২৩৭ ৰাণৰ লক্ষ্যৰে খেলি মিজোৰাম দলে নিৰ্ধাৰিত অভাৰত ৯ উইকেটত কৰে মাত্ৰ ১৫৮ ৰাণ । অপেনাৰ ৰুৱাৰ্টপুইয়াই ৪২ আৰু ছান্ধিয়াই ২৫ ৰাণ কৰাৰ বাহিৰে বাকীসকল ৰাণ সংগ্ৰহত ব্যৰ্থ হয় । বলিঙত অসমৰ ৰূপচিকা তেৰণপীয়ে ৩ টা, ৰূপশ্ৰী শ‌ইকীয়া‌, পাল্ক কুমাৰীয়ে ২ টাকৈ আৰু লক্ষীপ্ৰিয়া চেতিয়া, স্নেহা সিনহাই ১ টাকৈ উইকেট দখল কৰে ।

উদ্বেগৰ বিষয় যে মেচখনত অসম দলে ৪২ ৰাণ অতিৰিক্তভাৱে ব্যয় কৰিছে । ইয়াৰ ভিতৰত আছিল ৩০ টাই ৱাইড বল । পৰৱৰ্তী মেচত অসমে ১২ অক্টোবৰত বৰোদা, ১৪ অক্টোবৰত মধ্যপ্ৰদেশ আৰু ১৬ অক্টোবৰত কেৰালাৰ বিৰুদ্ধে খেলিব ।

Leave A Reply