Breaking

জাগুনৰ সাংবাদিক ঋতুপৰ্ণ ভূঞাৰ দ্বাৰা সাংবাদিকতাৰ ওপৰত কেৰিয়াৰ সম্পৰ্কীয় আলোচনা

0 2,255

 তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত মাৰ্ঘেৰিটা পাব্লিক হায়াৰ চেকেণ্ডাৰী বিদ্যালয়ত শনিবাৰে সাংবাদিকতাৰ ওপৰত কেৰিয়াৰ সম্পৰ্কীয় এক আলোচনা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ অধ্যক্ষা ৰিণা কুমাৰী খনিকৰৰ  নেতৃত্বত  প্ৰতি শনিবাৰে ছাত্ৰ ছাত্ৰী সকল উপকৃত হোৱাকৈ কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। যোৱা শনিবাৰে তেওঁলোকে ছাত্ৰ ছাত্ৰী সকলৰ মাজত সাংবাদিকতাৰ ওপৰত আলোকপাত কৰিবৰ বাবে সাংবাদিকতাৰ ডিগ্ৰীধাৰী জাগুনৰ সাংবাদিক ঋতুপৰ্ণ ভূঞাক আমন্ত্ৰণ জনায়।ঋতুপৰ্ণ ভূঞাই ছাত্ৰ ছাত্ৰী সকলৰ আগত সাংবাদিকতাৰ বিভিন্ন দিশ,পাঠ্যক্ৰম আৰু কেৰিয়াৰ কেনেদৰে গঢ়িব পাৰি এই দিশ সমূহ সুন্দৰ ৰূপত উপস্থাপন কৰে।বিদ্যালয় খনৰ এনেধৰণৰ পদক্ষেপে ছাত্ৰ ছাত্ৰী সকলক ভৱিষ্যতে আগুৱাই যোৱাৰ ক্ষেত্ৰত  নিশ্চিত ভাৱে সহায় কৰিব বুলি বিভিন্ন জনে মত পোষণ কৰে।

Leave A Reply