বঙাইগাঁৱৰ উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত দোলাইগাঁও উজান পাৰাত দেওবাৰে দিনৰ ভাগত এক চুৰিকাণ্ড সংঘটিত হয় ৷ দোলাইগাঁও উজান পাৰাৰ ওৱাছি আহমেদৰ গৃহত সংঘটিত হয় এই চুৰিকাণ্ড৷ উল্লেখ্য যে দেওবাৰৰ দুপৰীয়া ১ বজাত ওৱাছি আহমেদে পৰিয়ালসহ তেওঁৰ আত্মীয়ৰ গৃহত বিয়া খাবলৈ যায় আৰু ঘূৰি আহে বিয়লি চাৰি বজাত ৷ লোকজনে ঘৰত প্ৰৱেশ কৰি তেওঁৰ বয়-বস্তু লণ্ড-ভণ্ড হৈ থকা প্ৰত্যক্ষ কৰে৷ ঘৰত লোক নথকাৰ পূৰ্ণ সুযোগ লৈ চোৰে তেওঁৰ ঘৰৰ খিৰিকী ভাঙি প্ৰৱেশ কৰি নগদ পছাত্তৰ হাজাৰ ( ৭৫ হাজাৰ) টকা আৰু প্ৰায় এক লাখ চৈধ্য হেজাৰ টকা মূল্যৰ সোণৰ গহনা লুট কৰি নিয়ে বুলি উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীত প্ৰদান কৰা এজাহাৰত প্ৰকাশ ৷আশ্বাৰ্যৰ বিষয় যে বঙাইগাঁও আৰক্ষী নিৱেশৰ নিচেই কাষৰ দোলাইগাঁও উজানপাৰাত দিনৰ পোহৰত চোৰে চুৰিকাণ্ড সংঘটিত কৰাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷
Breaking
- নাওবৈছাত কংগ্ৰেছৰ প্ৰাৰ্থী ভৰত চন্দ্ৰ নৰহ, এক অনাকাংক্ষিত ঘটনা
- নাজিৰাত ভেকচিনৰ পাছতো চবকা ৰোগত আক্ৰান্ত শ শ পশুধন
- মাজবাটত হোণ্ডা গাড়ীসহ ১৩২ কেজি ভাং জব্দ দ্ৰাইভাৰৰ পলায়ন
- শ্ৰীৰামপুৰত দ্ৰোণাচাৰ্য ইংলিছ মিডিয়াম স্কুলৰ উদ্বোধন
- বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ কংগ্ৰেছ গমণ কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপিৰ
- দিকৰাই প্ৰাথমিক বিদ্যালয়ত বিদায় সম্বৰ্দ্ধনা অনুষ্ঠান : সহকাৰী শিক্ষক গোলাপ বৰাইকক বিদায় সম্বৰ্দ্ধনা
- বিহালীত দলে দলে বিজেপিত যোগদান
- বাঘমাৰাত গড়কাপ্তানি পথ নিৰ্মানত ঠিকাদাৰৰ বিয়াগোম দুৰ্নীতি বিৰোধী ৰাইজৰ প্ৰতিবাদ : ব্যৱস্থা গ্ৰহণৰ দাবী
- মেকীপুৰত ভয়ানক অগ্নিকাণ্ডত আহত – ১
- দেৰগাঁৱত নিৰ্দলীয়ৰূপত প্ৰতিদ্বন্দ্বিতা কৰাৰ যো-জা প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকাৰ