Breaking

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা। মুঠ উৰ্ত্তীণৰ হাৰ ৮৭.৩৩ শতাংশ…

0 86

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল আজি ঘোষণা কৰে৷ এইবাৰৰ ফলাফল অনুসৰি মুঠ উৰ্ত্তীণৰ হাৰ ৮৭.৩৩ শতাংশ৷ উল্লেখ্য যে পূৰ্বৰ বছৰতকৈ এইবাৰৰ ফলাফল বহু নিন্ম হয়৷ যিহেতু যোৱা বছৰ অৰ্থাৎ ২০২২ চনত মুঠ উৰ্ত্তীণৰ হাৰ আছিল ৯২.৭১ শতাংশ৷ আনহাতে চিবিএছইৰ ফলাফল ইয়াৰ পূৰ্বে নিন্ম হৈছিল৷ ২০২০ চনৰ ফলাফলত উৰ্ত্তীণৰ হাৰ ৮৮.৭৮ শতাংশ আৰু ২০১৯ চনত ৮৩.৪০ শতাংশ আছিল৷

এইবাৰ মুঠ ১৬,৮০,২৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নাম পঞ্জীয়ন কৰিছিল৷ তাৰ ভিতৰত ১৬,৬০,৫১১ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হয়৷ তাৰ ভিতৰত ১৪,৫০,১৭৪ গৰাকী ছাত্ৰ-ছাত্ৰী উৰ্ত্তীণ হয়৷ উল্লেখ্য যে এইবাৰৰ ফলাফল অনুসৰি ৯৯.৯১ শতাংশ উৰ্ত্তীণৰ হাৰেৰে দেশৰ ভিতৰত শ্ৰেষ্ঠ জিলা হিচাপে বিবেচিত হয় ত্ৰিবান্দপুৰাম৷ ইয়াৰ পাছত ৯৮.৬৪ শতাংশৰে বাংগালুৰু দ্বিতীয়, ৯৭.৪০ শতাংশৰে চেন্নাই তৃতীয় আৰু ৯৩.২৪ শতাংশৰে দিল্লী চতুৰ্থ স্থানত আছে৷ আনহাতে চিবিএছইয়ে এই পৰ্যন্ত মেধাৰ তালিকা প্ৰকাশ কৰা নাই৷

Leave A Reply