কেৰেলাত অসমীয়া ছাত্ৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উল্লেখযোগ্য সাফল্য। ইছৰ’ৰ বিজ্ঞানী ড° মুকুন্দ মাধৱ গগৈৰ পুত্ৰ ৰিশি গগৈৰ ৯৯.৮০ শতাংশ নম্বৰেৰে কেৰেলাৰ ভিতৰত প্ৰথম আৰু সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় স্থান লাভ।(CBSE RESULT 2025)
‘কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বৰ্ড’ (চিবিএছই)ৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেৰেলাৰ ভিতৰত প্ৰথম স্থান আৰু সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় স্থান লাভ কৰি অসমৰ সন্তান ৰিশি গগৈয়ে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ড° মুকুন্দ মাধৱ গগৈ আৰু মিতালী দাস গগৈৰ সন্তান ৰিশি গগৈয়ে ত্ৰিবান্দ্ৰমৰ লয়লা স্কুলৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ৯৯.৮০ শতাংশ লাভ কৰিছে।
ড° মুকুন্দ মাধৱ গগৈ ‘ভাৰতীয় মহাকাশ গৱেষণা সংস্থা’ (ইছৰ’)ৰ বিজ্ঞানী। ‘ভাৰতীয় মহাকাশ গৱেষণা সংস্থা’ৰ অন্যতম কেন্দ্ৰ ত্ৰিবান্দ্ৰমৰ ‘বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ’ত ড° গগৈ কৰ্মৰত। যোৰহাট জিলাৰ খনামুখত জন্ম লাভ কৰা ড° মুকুন্দ মাধৱ গগৈয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰপৰা স্নাতকোত্তৰ আৰু পিএইচ.ডি. ডিগ্ৰী লাভ কৰিছিল। উল্লেখযোগ্য যে সৰ্বভাৰতীয় পৰ্যায়ত ৰিশি গগৈৰ লগতে আৰু কেইবাজনো শিক্ষাৰ্থীয়ে মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৯৯ নম্বৰ লাভ কৰি দ্বিতীয় স্থান লাভ কৰিছে।