নিউয়ৰ্কৰ ফেন্সি ফুড শ্ব’ ২০২৫ত পুনৰ (Celebrating 200 Years of Assam Tea in New York) উজলি উঠিল অসমৰ চাহৰ বৰ্ণিল দুশ বছৰীয়া পৰিক্ৰমা৷ নিউয়ৰ্কৰ জেকব কে জাভিটছ চেণ্টাৰত অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা আৰু নিউয়ৰ্কত থকা ভাৰতৰ কনছুল জেনেৰেল এম্বেছাদৰ বিনয়া এছ প্ৰধানে গ্ৰীষ্মকালীন ফেন্সি ফুড শ্ব’ ২০২৫ত ইণ্ডিয়া পেভিলিয়ন উদ্বোধন কৰে ৷ এক আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পাইছে এই কথা৷
১৮২৩ চনত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আৱিষ্কাৰ হোৱাৰ পৰাই জীৱিকা, সংস্কৃতি আৰু অৰ্থনীতি গঢ় দিয়া শক্তি, ৰুচি আৰু ঐতিহ্যৰ বিশ্বব্যাপী প্ৰতীক অসম টীৰ ২০০ বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত এই সোণালী ক্ষণ উদ্যাপনৰ বাবে এই অনুষ্ঠানটো আছিল এক গুৰুত্বপূৰ্ণ অনুষ্ঠান৷ উদ্বোধনী অনুষ্ঠানত ভাষণ দি অসমৰ মুখ্য সচিব ৰবি কোটাই চলিত বৰ্ষৰ আৰম্ভণিতে ৰাষ্ট্ৰদূত প্ৰধান আৰু অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত হোৱা বাৰ্তালাপৰ সময়ত অসম টীৰ ২০০ বছৰ উদ্যাপনৰ ধাৰণাটো কেনেদৰে কল্পনা কৰা হৈছিল সেই কথা সোঁৱৰণ কৰে ৷ ‘‘অসম টীৰ সফলতাপূৰ্বক ২০০ বছৰ উদ্যাপন কৰাৰ সময়ত আমি কেৱল আমাৰ ঐতিহ্যক লৈ গৌৰৱবোধ কৰাই নহয়, বৰং ভৱিষ্যতৰ বাবেও স্পষ্ট দৃষ্টিভংগী লৈ ইয়াক উদ্যাপন কৰিছো’’ কোটাই কয় ৷
কোটাই লগতে কয়, ‘‘অসমৰ বাবে গ্ৰীষ্মকালীন ফেন্সি ফুড শ্ব’ ২০২৫১ এই পেভিলিয়নে জেকব কে জাভিটছ চেণ্টাৰত উদ্যাপন আৰু কৌশলগত দুয়োটা মঞ্চ হিচাপে কাম কৰিব ৷ পৰম্পৰা আৰু উদ্ভাৱনৰ মাজত সেতু হিচাপে থিয় দিছে অসম টীয়ে৷ মই উদ্ভাৱন বুলিও কওঁ কাৰণ ভাৰতত শক্তি আৰু নতুন নতুন ধাৰণাৰে ভৰা যুৱক-যুৱতীসকলে এইক্ষেত্ৰত কাম কৰিবলৈ উৎসুক হৈ আছে আৰু অসমতো একেই৷ এই অনুষ্ঠানলৈ আমি আনিব বিচৰা চাৰিটা ষ্টাৰ্ট-আপ ক্ৰমে এৰ’মিকা টী, বুলা টী, ডৰেই টী আৰু অৰ্থক্স টী অসমৰ উদ্ভাৱনীমূলক চাহ ষ্টাৰ্টআপৰ এটা অংশ ৷ তেওঁলোকে বিদেশী চাহৰ নতুন মিশ্ৰণ উদ্ভাৱন কৰি আছে আৰু মই নিশ্চিত যে এই উদ্ভাৱনসমূহে এই অনুষ্ঠানৰ পৰা বিশ্বব্যাপী প্ৰসাৰ লাভ কৰিব৷’’

