নগাঁও, ১৭ নৱেম্বৰ : নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ আজি ১৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।আজি পুৱা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি গংগাবল্লভ গোস্বামীয়ে পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।ইয়াৰ পিছতেই স্মৃতি তৰ্পন কৰে বিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ বিমল বৰাই।কোভিড প্ৰটকল মানি দিনৰ ১১ বজাত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক গৰিমাৰ বিষয়ে উল্লেখ কৰি কয় যে বৰ্তমান পৰিবৰ্তিত সময়ত শিক্ষাৰ্থী আৰু শিক্ষক উভয়ে আধুনিক প্ৰযুক্তিক শিক্ষাৰ এটি অবিচ্ছেদ্য অংগ কৰি ললেও পূৰ্বৰ গুৰু ছাত্ৰৰ সমন্ধ পাহৰি যোৱাটো উচিত নহব।আনহাতে এসময়ত অধ্যয়ন কৰা বিদ্যালয়খনৰ ১৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজকে ধন্য আৰু গৰ্বিত অনুভৱ কৰা বুলি বিধায়ক শৰ্মাই মন্তব্য কৰে।মুকলি সভাত পুবেৰুন বৰা স্মৃতি ন্যাস ,কেপ্তেইন থানেশ্বৰ শৰ্মা স্মৃতি ন্যাস ,পূৰ্ণকান্ত ৰাজখোৱা-ঘুনুচা ৰাজখোৱা স্মৃতি ন্যাস,দীপ্তি গোস্বামী স্মৃতি ন্যাস,শইকীয়া স্মৃতি ন্যাসৰ বঁটা সমূহ বিদ্যালয় খনৰ দহগৰাকী মেধাৱী আৰু দৰিদ্ৰ ছাত্ৰক প্ৰদান কৰা হয়।মুকলি সভাত বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱা, শিক্ষাবিদ সদা বৰা,অধিবক্তা কৃপাসিন্ধু অধিকাৰীয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে।সভাৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয় খনৰ অধ্যক্ষা দীপিকা লস্কৰে।সন্ধিয়া বিদ্যালয় খনৰ চৌহদত ১৫৫ গছি বন্তি প্ৰজ্বলনৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সামৰণি পৰে।বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মিন্টু শৰ্মাই।


