Breaking

ওদালগুৰি জিলাৰ গড়কাষ ফুটুকিবাৰীত বাথৌ ধৰ্মৰ ন’ৱা খৌৱা পৰৱ উৎসৱ উদযাপন

0 2,274

ওদালগুৰি জিলা ভেৰগাঁ‌ও মহকুমা অন্তৰ্গত গড়কাষ ফটুকিবাৰী গাঁ‌ৱত আজি বড়ো সকলৰ(ঔখাম গৌৰলৈ জানাই) অসমীয়া ভাষাত ন’ৱা খোৱা পৰৱ উৎসৱটি  উলহ মালহৰে উদযাপন কৰা দেখা যায়।উল্লেখ্য যে  বাথৌ ধৰ্মীয় বড়ো সকলৰ এটি পৰম্পৰাগত উৎসৱ ঔখাম গোৰলৈ জানাই অসমীয়াত নৱা  খোৱা  পৰৱ উৎসৱটি প্ৰতিবছৰে আঘোন মাহৰ ৯ তাৰিখে বড়ো সকলে আঘোন মাহৰ নতুন ধান ঘৰত চপাই নি নতুন ধানৰ চাউলৰ ভাত বছৰটোৰ প্ৰথমবাৰৰ বাবে বাথৌ ইশ্বৰৰ ওচৰত প্ৰাথনা জনাই ৰাইজে মিলি-জুলি এগলগে  এসাজ খোৱাৰ বাবে এই উৎসৱটি উদযাপন কৰে।সেয়েহে আজি আঘোন মাহৰ ৯ তাৰিখ ২৬ নৱেম্বৰ দিনা  বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ ভেৰগাঁ‌ও মহকুমা অন্তৰ্গত গড়কাষ আৰু ফটুকিবাৰী গাঁ‌ৱত ঔখাম গৌৰলৈ জানাই ন’ৱা খোৱা পৰৱ উৎসৱটি আজি দিনযোৰা কাৰ্যসূচী মৰ্মে পুৱা বাথৌ ধৰ্মৰ পতকা উত্তোলন  কৰে গৰকাষ ফুটুকিবাৰী গাঁও পৰিচালনা সমিতিৰ সভাপতি মোহন বড়োয়ে , আনহাতে গাঁওখনৰ স্বৰ্গগামী লোকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ফুটুকিবাৰী বাথৌ মন্দিৰৰ পূজাৰী কুলেন বসুমতাৰীয়ে আৰু লগতে উদযাপনৰ লগত সংগতি ৰাখি দুআষাৰ মন্তব্য কৰে  গাঁওখনৰ এজন জ্যেষ্ঠ ব্যক্তি কনক চন্দ্ৰ বড়োয়ে।””অন্তত গাঁওখনৰ প্ৰ্তিগৰাকী লোকে মন্দিৰত ভগৱানৰ ওচৰত ( আৰজ)প্ৰাৰ্থনা কৰি (বিমা মাইনাওক)অসমীয়াত দেৱী মা লক্ষ্মীক মন্দিৰৰ পৰা নিজৰ নিজৰ ঘৰলৈ আগ বঢ়াই নিয়ে প্ৰতিগৰাকী গৃহণীয়ে। শেষত ৰাইজে মেলিজুলি মুকলি পথাৰত  (ঔখাম গৌৰলৈ জানাই) এসাঁজ ন’ৱা ভাত খাই কাৰ্যসূচী সম্পন্ন কৰে।

Leave A Reply