বিলাসীপাৰা লক্ষীগঞ্জৰ বিদ্যাসাগৰ একাডেমিৰ অষ্টম প্ৰতিষ্ঠা দিৱস উদযাপন…

চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে এই লক্ষীগঞ্জ বিদ্যাসাগৰ একাডেমিৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। ধুবুৰী জিলাৰ বিলাসী পাৰা মহকুমাৰ অন্তৰ্গত লক্ষীগঞ্জত শিক্ষাৰ প্ৰতি সদায় সচেনতা দায়বদ্ধতা আৰু দায়িত্বশীলতা বহন কৰা নপ্ৰতিশ্ৰুতি নসংকল্প আৰু নদিগন্তৰে ঘাত প্ৰতিঘাতৰ মাজেৰে সাতটা বছৰ অতিক্ৰম কৰি অষ্টম বছৰত ভৰি দিলে ৰাইজৰ দোৱা আৰ্শীবাদ চাৱনীৰে পৰিচালিত একনিষ্ঠা মনবলেৰ চলি থকা এখন ব্যাক্তিগত শিক্ষানুষ্ঠান লক্ষীগঞ্জ বিদ্যাসাগৰ একাডেমি।

সমাজৰ অৰ্থনীতিৰ সংগ্ৰামৰ সৈতে জৰ্জৰিত সংকট কালত মোকাবেলা কৰি উপায়হীনতাত ভোগা দূৰ্ভগীয়া পৰিয়ালৰ প্ৰতি লক্ষ্য কৰি জাক জমকতাৰ উচ্চ মাচুলৰ বিপৰীতে অতিকৈ কম মাছুল বহন কৰি এক উচ্চ উন্নত মানদণ্ডৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যেৰে এক ইতিবাচক দিশত পৰিচালিত শিক্ষানুষ্ঠান খনৰ যোৱা ২৪জানুৱাৰীৰ পৰা ২৭ জানুৱাৰী লৈ চাৰি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে বিদ্যালয় খনৰ অষ্টম প্ৰতিষ্ঠা দিৱস। আৰম্ভণিতে পূৱা ১০ বজাত পতাকা উত্তোলন কৰে বিদ্যালয় খনৰ সভাপতি নিত্য গোপাল নাথ। চাৰি দিন ধৰি আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ সামৰণিৰ দিনা দুপৰীয়া ১বজাত বিদ্যালয়ৰ হিতাকাংক্ষি সকলৰ চৰণত পূষ্পাঞ্জলীৰে সামৰণি অনুষ্ঠান মুকলি কৰে।

সামৰণি অনুষ্ঠান উপলক্ষে বিদ্যালয় খনত বৃক্ষৰোপণৰ লগতে একেৰাহে ৮খন পতাকা উত্তোলন কৰে।উত্তোলক হিচাপে আগ ধৰে লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মইনুল হক মণ্ডল, উপাধ্যক্ষ হাফিজুৰ ৰহমান, লক্ষীগঞ্জ শাখা সাহিত্য সভাৰ সম্পাদক ৰাজেন নাথ, লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপ সভাপতি বিপুল নাথ, বিদ্যাসাগৰ একাডেমি বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰভাত চন্দ্ৰ নাথ, বিশিষ্ট অভিভাৱক বুদ্ধেশ্বৰ নাথ, দেশী জনগোষ্ঠীয় মঞ্চ বিলাসী পাৰা জিলা সমিতিৰ সাংগঠনিক সম্পাদক ফিদ্দুছ আলম, বিদ্যালয় খনৰ সদস্য মোস্তাক হুছেইন।

Related Articles