দৰঙৰ বাঁহমোল্লা প্রাথমিক বিদ্যালয়ৰ এশ বছৰ পূৰ্ণ কৰা উপলক্ষে শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় শতবাৰ্ষিকী অনুষ্ঠান। দেওবাৰৰ মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
দৰং জিলাৰ ছিপাঝাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বাহমোল্লা অঞ্চলৰ পুৰণি শিক্ষানুষ্ঠান বাঁহমোল্লা প্রাথমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠান সফলতাৰে সামৰনি পৰে।

দুদিনীয়া কার্যক্রমনিকাৰে অনুষ্ঠিত শতবর্ষ উৎসৱ উপলক্ষে দুটা দিন বৃহত্তৰ অঞ্চলটোত পৰিণত হ’ল এক উৎসৱমুখৰ পৰিৱেশ। শতবৰ্ষৰ এক নান্দনিক অনুষ্ঠান উপলক্ষে নিৰ্মাণ কৰা স্থায়ী তোৰণ উন্মোচন, স্মৃতি তৰ্পণৰে আৰম্ভ হোৱা অনুষ্ঠানটিত উত্তোলন কৰা হয় এশখন পতাকা ।অঞ্চলটোৰ স্থানীয় এশজন বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰে শতবৰ্ষৰ পতাকাসমূহ । বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মতিউৰ ৰহমানে।

২৪ ডিচেম্বৰ প্ৰথম দিনৰ কাৰ্যসূচীত অনুষ্ঠিত হয় প্ৰাথমিক পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতা, ন- পুৰণি ছাত্ৰ ছাত্ৰী, শিক্ষক – শিক্ষয়িত্ৰী বৃন্দৰ অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠান। অৱসৰপ্ৰাপ্ত প্ৰবক্তা বুঢ়ীনগৰ কণিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা অতুল বৰুৱা ই সঞ্চালনা কৰা সভাখনৰ শুভ উদ্বোধন কৰে টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ড০ দিলীপ বৰুৱাই । দ্বিতীয় দিনটোৰ কাৰ্যসূচী মাৰাথান দৌৰ প্ৰতিযোগীতা ৰ উদ্ধোধন কৰে বাঁহমোল্লাৰ প্ৰাক্তন খেলুৱৈ যতীন কলিতা ই।

বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু বৈশ্য আৰু খৈৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়া হবিবুৰ ৰহমানে আৰু শোভাযাত্ৰা পৰিচালনা কৰে উদযাপন সমিতিৰ উপসভাপতি আক্ৰাম হুছেইনে ।অঞ্চলটোৰ জাতি-জনগোষ্ঠীৰ বিভিন্ন লোক কৃষ্টিৰ লগতে ছাত্র-ছাত্রীসকলে বিভিন্ন কৃষ্টি প্রদর্শন কৰে। । অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ জামালুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে বিদ্যাভাৰতি স্নাতক মহাবিদ্যালয় ৰ সহযোগী অধ্যাপক ড০ দুলাল হাজৰিকাই।
ফজলুল হক চৌধুৰী ৰ সম্পাদনাত প্ৰকাশিত শতবৰ্ষৰ স্মৃতিগ্ৰন্থ “শতভিষা’ উন্মোচন কৰে খৈৰাবাৰী মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ড০ উত্তম কলিতা ই। বিদ্যালয়খনৰ ইতিহাস, বিভিন্ন কাব্য-সাহিত্য-গদ্যৰে শৃংখলিত ভাবে সম্পাদিত গ্রন্থখনি উন্মোচন কৰি আনন্দিত হৈ পৰে উন্মোচক গৰাকী । মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী,জলপৰিবহণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি মূল্য বোধৰ শিক্ষাৰে ছাত্ৰ ছাত্ৰী ক শিক্ষিত কৰা ৰ লগতে প্ৰতিযোগিতা ৰ এই যুগত নিজৰ যোগ্যতা প্ৰতিপণ্ণ কৰিবৰ কাৰণে আহ্বান জনায়।
এই মুকলি সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে সাংবাদিক, অধিবক্তা দীপক শৰ্মাই অংশগ্ৰহণ কৰি ছাত্ৰছাত্ৰীক উদেশ্যি জীৱনৰ সফলতাৰ চাবি কাঠিৰ বিষয়ে আলোকপাত কৰাৰ লগতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, কলাই গাঁও বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়ো, নলবাৰী ৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা ৰ উপৰিও বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
– দ্বীপেন ডেকা ৷