Breaking

কেন্দ্ৰৰ বৃহৎ সিদ্ধান্তঃ সংসদৰ নিৰাপত্তাৰ দায়িত্ব দিল্লী আৰক্ষীৰ পৰিৱৰ্তে চি আই এছএফক অৰ্পন

0 36

কেন্দ্ৰই সংসদৰ নিৰাপত্তাকলৈ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংসদত গেছৰ আক্ৰমণৰ পিছতে ঘটনাটোকলৈ বিৰোধীয়ে সংসদৰ বাহিৰে-ভিতৰে উত্তাল কৰি ৰাখিছে।উক্ত আক্ৰমণৰ পিছতে সংসদৰ নিৰাপত্তাৰ বিষয়ত কেন্দ্ৰই এক ডাঙৰ পৰিৱৰ্তন আনিছে।ইমানদিনে সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্ব দিল্লী আৰক্ষীৰ ওপৰতে আছিল যদিও কেন্দ্ৰই সংসদৰ নিৰাপত্তাৰ দায়িত্ব কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীক অৰ্পন কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে চি.আই.এছ.এফ.-ক লোকসভা আৰু ৰাজ্যসভাকে ধৰি সমগ্ৰ সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছে। সংসদত নিৰাপত্তা উলংঘনৰ ঘটনাৰ পিছতে সংসদৰ নিৰাপত্তাকলৈ প্ৰশ্ন উত্থাপন হৈছিল। বহুতে দিল্লী আৰক্ষীৰ ব্যৰ্থতাক সমালোচনা কৰিছিল। অৱশেষত সংসদৰ নিৰাপত্তাৰ দায়ি্বৰ পৰা দিল্লী আৰক্ষীক আঁতৰাই সেই দায়িত্ব চি আই এছএফ অৰ্পন কৰা হৈছে। গৃহ মন্ত্ৰালয়ে কৈছে যে চিআইএছএফ এতিয়া সংসদৰ নিৰাপত্তাৰ বাবে দায়বদ্ধ হ’ব। অৱশ্যে, ভৱনটোৰ বাহিৰত দিল্লী আৰক্ষীয়ে আগৰ দৰেই নিজৰ কৰ্তব্য কৰি যাব।

উল্লেখ্য সংসদ ভৱন আক্ৰমণৰ ২২ সংখ্যক বাৰ্ষিকীৰ দিনাই সংসদত অঘটন সংঘটিত হৈছিল। অধিবেশন চলি থকাৰ মাজতে লোকসভাত হঠাতে আতংক বিয়পি পৰিছিল। সংসদৰ শীতকালীন অধিবেশনৰ মাজতে দুজন অচিনাক্ত ব্যক্তিয়ে হঠাতে সংসদ ভৱনৰ ভিতৰত প্ৰৱেশ কৰিছিল আৰু সংসদ ভৱনৰ ডেস্কৰ ওপৰেৰে জঁপিয়াই গৈছিল। তেওঁলোকৰ হাতত গেছ আছিল স্প্ৰেয়াৰ। তেওঁলোকে আনকি গেছো প্ৰয়োগো কৰিছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত ৭ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Leave A Reply