Breaking

যুৱক-যুৱতীসকলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদানৰ সন্দৰ্ভত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যক্ষৰে আলোচনা পিপিএফৰ…

0 29

যুৱক-যুৱতীসকলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ সন্দৰ্ভত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যক্ষৰে আলোচনাত মিলিত হয় পিপিএফৰ প্ৰতিনিধিৰ দল। আজি পুৱা অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান চান্দমাৰী গুৱাহাটীৰঅধ্যক্ষ ডঃ হিতেশ তহবিলদাৰৰ সৈতে. যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ সন্দৰ্ভত পিপিএফে কৰা আলোচনা অতি ফলপ্ৰসূ হোৱা বুলি সংস্থাটোৱে কৈছে। আলোচনাত পিপিএফৰ ৰফিক আহমেদ লস্কৰ, উপাধ্যক্ষ পিপিএফ, হাৰুণ আল ৰছিদআদিয়ে অংশগ্ৰহণ কৰে।

আলোচনাত এক যুটীয়া উদ্যোগেৰে কাম কৰিবলৈ পিপিএফৰ পৰা আগ্ৰহৰ কথা সদৰী কৰে। অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সহযোগত ভাৰতীয় উদ্যোগ প্ৰতিষ্ঠান চান্দমাৰীয়ে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান চান্দমাৰীত বিভিন্ন বিনামূলীয়াকৈ চাকৰিমুখী পাঠ্যক্ৰমৰ বাবে প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ পিপিএফৰ তৰফৰ পৰা ভ্হান জনৱা হয়। পিপিএফে আশা কৰে যে অতি সোনকালেইসংস্থাৰ পত্ৰৰ উত্তৰ দিব আৰু তাৰ আধাৰত পিপিএফে বিপিএল প্ৰাৰ্থীসকলক প্ৰয়োজনীয় সমৰ্থন আগবঢ়োৱাৰ বাবে আগবাঢ়িব পাৰিব। পিপিএফ বোৰ্ডে উপযুক্ত বুলি অনুভৱ কৰা নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল সুযোগ দিবলৈ ইচ্ছা কৰিছে। পিপিএফে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ মনচুৰ হিলাল মজুমদাৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave A Reply